/asomiyapratidin/media/media_files/2025/09/19/z-2025-09-19-18-12-52.jpg)
ডিজিটেল ডেস্ক : ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী জুবিন গাৰ্গ আৰু নাই। শুকুৰবাৰে দিনৰ ভাগত ছিংগাপুৰত অকাল বিয়োগক আঁকোৱালি লয় শিল্পীগৰাকীয়ে।
শিল্পীগৰাকীৰ মৃত্যুৰ বতৰা লাভ কৰি শোকত ম্ৰিয়মান হৈ পৰিছে অসম তথা দেশবাসী। প্ৰিয় শিল্পীগৰাকীৰ বিয়োগত বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানৰ লগতে অনুৰাগী তথা বিভিন্ন জনে প্ৰকাশ কৰিছে শোক।
একেদৰে জনপ্ৰিয় সংগীত শিল্পী জুবিন গাৰ্গৰ বিয়োগত কংগ্ৰেছ নেতা তথা সাংসদ ৰাহুল গান্ধীয়েও সামাজিক মাধ্যমযোগে শোক প্ৰকাশ কৰিছে। তেওঁ লিখিছে এইবুলি - "জুবিন গাৰ্গৰ মৃত্যু এক ভয়ংকৰ ঘটনা। তেওঁৰ কণ্ঠই যুৱপ্ৰজন্মক দিছিল এক সুকীয়া আমোদ । তেওঁৰ কণ্ঠ অদ্বিতীয়। তেওঁ চিৰকাল আমাৰ অন্তৰত থাকিব। "