/asomiyapratidin/media/media_files/2025/10/17/new-ap-web-1-4-2025-10-17-08-53-24.jpg)
ডিজিটেল ডেস্কঃ আজি অসমলৈ আহিব ৰাহুল গান্ধী। দুপৰীয়া ১.৩০ বজাত বৰঝাৰ বিমান বন্দৰত কৰিব অৱতৰণ। তাৰপৰাই পোনে পোনে কংগ্ৰেছৰ নেতাগৰাকী ৰাওনা হ'ব সোণাপুৰৰ জুবিনৰ সমাধিক্ষেত্ৰলৈ। নেতাগৰাকীয়ে গৰিমা শইকীয়া গাৰ্গকো কৰিব সাক্ষাৎ।
উল্লেখযোগ্য যে, অসমলৈ আহি দলীয় কোনো কাৰ্য-কলাপত অংশ নলয় কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীয়ে। এই কথা সংবাদমাধ্যমক অৱগত কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে। তেওঁ কয় যে, ৰাহুল গান্ধীৰ ভ্ৰমণ ব্যক্তিগত৷ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই উভটি যাব ৰাহুল গান্ধী।
ইফালে ৰাহুল গান্ধী অসম অহাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে যে, আমি আগতেই বিচাৰিছিলো কংগ্ৰেছৰ এগৰাকী ৰাষ্ট্ৰীয় নেতা জুবিনৰ শেষ যাত্ৰাত আমাৰ লগত থাকক। কিন্তু সেয়া হৈ নুঠিল। কংগ্ৰেছে সেই সময়ত গুৰুত্ব নিদিলে। কিন্তু শেহতীয়াকৈ জুবিন গাৰ্গৰ বাবে ৰাহুল গান্ধী অসমলৈ আহিব বুলি জানি তেওঁক আমি আদৰণি জনাইছো।