ৰাহুলৰ ভোটাৰ অধিকাৰ যাত্ৰা! সংগ দিবলৈ নৰিয়া দেহাৰেই আহিল লালু...

নিৰ্বাচন আয়োগ আৰু বিজেপিয়ে মিলি নিৰ্বাচনত ভোট চুৰিৰ অভিযোগ উত্থাপন কৰিছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। এই অভিযোগ দেশৰ ভিন্ন প্ৰান্তলৈ লৈ যোৱাৰ উদ্দেশ্যেৰে ৰাহুল

author-image
Asomiya Pratidin
New Update
jjjd

ডিজিটেল ডেস্কঃ নিৰ্বাচন আয়োগ আৰু বিজেপিয়ে মিলি নিৰ্বাচনত ভোট চুৰিৰ অভিযোগ উত্থাপন কৰিছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। এই অভিযোগ দেশৰ ভিন্ন প্ৰান্তলৈ লৈ যোৱাৰ উদ্দেশ্যেৰে ৰাহুল গান্ধীয়ে আজিৰে পৰা আৰম্ভ কৰিছে ভোটাৰ অধিকাৰ যাত্ৰা শীৰ্ষক এক কাৰ্যসূচীৰ। বিহাৰৰ চাচাৰামৰ পৰা আৰম্ভ হৈছে এই যাত্ৰাৰ।

Advertisment

কংগ্ৰেছৰ প্ৰায়বোৰ জ্যেষ্ঠ নেতা  উপস্থিত থকাৰ বিপৰীতে কংগ্ৰেছৰ সহযোগী দলসমূহৰ নেতৃত্বও উপস্থিত থাকে বিহাৰৰ এই কাৰ্যসূচীত। ৰাহুলক সংগ তথা সাহস দিবলৈ নৰিয়া গাৰেই আহিল লালু প্ৰসাদ যাদৱ। গণতন্ত্ৰক হত্যা কেতিয়াও সহ্য কৰা নহ'ব বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰি লালু প্ৰসাদ যাদৱে আগন্তুক সময়ত ৰাহুলৰ সৈতে আছো বুলি কয়।

ইফালে ৰাহুলে এই যাত্ৰা আৰম্ভ কৰাৰ দিনটোতেই নিৰ্বাচন আয়োগে আজি আয়োজন কৰিছে এক সংবাদমেলৰ। ৰাহুলৰ ভোট চুৰিৰ অভিযোগৰ প্ৰত্যুত্তৰ দিব আজি নিৰ্বাচন আয়োগে। ১৭আগষ্ট বিয়লি ৩.০০বজাত নিৰ্বাচন আয়োগে এই সংবাদমেলৰ আয়োজন কৰিছে। 

ৰাহুল গান্ধী