জাৰ্মানীত ৰাহুল গান্ধীয়ে উঠা ৪লাখ টকীয়া বাইকখনৰ সৈতে ভাৰতৰ কি সম্পৰ্ক...

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পূৰ্বৰে পৰাই বিলাসী বাইকৰ প্ৰতি আছে বিশেষ দুৰ্বলতা। ৰাহুল গান্ধীৰ গেৰেজত আছে বহু কেইখন লাখটকীয়া বাইক। শেহতীয়াকৈ জাৰ্মানী ভ্ৰমণত থকা কংগ্ৰেছ নেতাগৰাকীৰ এই বাইক প্ৰেমে পুনৰ সংবাদ শিৰোনাম দখল কৰিছে।

author-image
Asomiya Pratidin
New Update
jjjddd

ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পূৰ্বৰে পৰাই বিলাসী বাইকৰ প্ৰতি আছে বিশেষ দুৰ্বলতা। ৰাহুল গান্ধীৰ গেৰেজত আছে বহু কেইখন লাখটকীয়া বাইক। শেহতীয়াকৈ জাৰ্মানী ভ্ৰমণত থকা কংগ্ৰেছ নেতাগৰাকীৰ এই বাইক প্ৰেমে পুনৰ সংবাদ শিৰোনাম দখল কৰিছে।

জাৰ্মানী ভ্ৰমণৰ সময়ত ৰাহুল গান্ধীয়ে পৰিদৰ্শন কৰিছিল বি এম ডব্লিউৰ এটা প্লান্ট। এই কাৰখানাটোৰ কাম-কাজ পৰিদৰ্শন কৰি নতুনকৈ বজাৰলৈ আহিবলগীয়া মডেল বোৰৰ সন্দৰ্ভতো বুজ লয় ৰাহুলে।  বি এম ডব্লিউয়ে নতুনকৈ বজাৰত মুকলি কৰিব লগীয়া BMW F 450 GS মডেলৰ বাইকখনত উঠি ফটোৰ বাবে পজ দিছিল ৰাহুলে।

এই ফটোখন সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে  চৰ্চা চলিছিল যে, বাইক ভালপোৱা ৰাহুলে ভাৰতলৈ নহাৰ পূৰ্বেই ক্ৰয় কৰিলে নেকি এই বাহনখন? এই চৰ্চা চলি থকাৰ সময়তে ৰাহুল গান্ধীয়ে সদৰি কৰিলে এক বিশেষ তথ্য। জাৰ্মানীত মুকলি হ'বলগীয়া এই বাইকখন প্ৰস্তুত কৰা হৈছে ভাৰতৰ হেনুৰস্থিত টি ভি এছ প্লান্টত।

ভাৰতত নিৰ্মাণ হোৱাৰ পাছতে এই বাইকখন ১০০ৰো অধিক দেশত মুকলি কৰা হ'ব। এই বাইকখনৰ প্ৰাৰম্ভিক মূল্য ৪.৫০লাখ হ'ব বুলি জানিবলৈ দিছে প্ৰতিষ্ঠানটোৱে। ভাৰতত এই বাইকখন ২০২৬ৰ প্ৰথমভাগতে মুকলি হ'ব। উল্লেখ কৰা প্ৰয়োজন যে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ওচৰত পূৰ্বৰে পৰাই আছে বি এম ডব্লিউৰ এখন বিলাসী বাইক।