/asomiyapratidin/media/media_files/2026/02/05/jjjd-2026-02-05-21-54-25.jpeg)
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে ৰাজ্যসভাত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মো়ডীয়ে ধন্যবাদৰ প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনায়। ভাষণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছ দলৰ নীতিক তীব্ৰ সমালোচনা কৰে। প্ৰধানমন্ত্ৰীৰ ভাষণৰ সময়ত সদনৰ পৰা ওলাই আহিল বিৰোধী দলৰ সদস্যসকল। ৰাজ্যসভা স্থগিত ৰখাৰ পিছতে লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে এক্স হেণ্ডেলত কয় যে, প্ৰধানমন্ত্ৰীয়ে প্ৰশ্নলৈ ইমান ভয় কৰে কিয়?
কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে পোষ্ট কৰি কয় যে, আপুনি প্ৰশ্নক লৈ ইমান নাৰ্ভাছ কিয়? মোডীজীয়ে সত্যক ইমানেই ভয় কৰে যে তেওঁ মিছাৰ আশ্ৰয় লৈছিল। যিয়েই নহওক, মই যিটো সঠিক বুলি ভাবিছিলো তাকেই কৰিলোঁ।" উল্লেখ্য যে, বিজেপিৰ সাংসদ ৰৱনীত বিট্টুক ‘দেশদ্ৰোহী বন্ধু’ বুলি অভিহিত কৰাৰ বাবে ৰাহুল গান্ধীক লক্ষ্য কৰি লৈছিল প্ৰধানমন্ত্ৰী মোডীয়ে।
প্ৰধানমন্ত্ৰীয়ে কয় যে, কালি কংগ্ৰেছৰ যুৱৰাজে এই সদনৰ এজন সাংসদক বিশ্বাসঘাতক বুলি অভিহিত কৰিছিল। কল্পনা কৰকচোন, তেওঁৰ অহংকাৰে আকাশ চুইছে। তেওঁৰৱনীত বিট্টুক শিখ হোৱাৰ বাবেই দেশদ্ৰোহী বুলি অভিহিত কৰিছিল। এইটো আছিল শিখৰ অপমান, গুৰুসকলৰ অপমান। এইটো আছিল কংগ্ৰেছৰ ভিতৰত শিখৰ প্ৰতি থকা গভীৰ ঘৃণাৰ প্ৰকাশ।
প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে, কংগ্ৰেছ দলে অসমৰ জনসাধাৰণৰ প্ৰতি গভীৰ ঘৃণা আশ্ৰয় লৈছিল। ভূপেন হাজৰিকাক ভাৰতৰত্ন প্ৰদানৰ সিদ্ধান্তৰ বিৰোধিতা কংগ্ৰেছে যেতিয়া বিৰোধিতা কৰিছিল তেতিয়া মই গভীৰ দুখ পাইছিলোঁ। মল্লিকাৰ্জুন খৰ্গেই ড০ হাজৰিকাক কেৱল গায়ক বুলি উলাই কৰিছিল, যিটো কেৱল অসমৰ বাবেই নহয়, সমগ্ৰ কলা জগতখনৰ বাবেও এক ভয়াৱহ অপমান।"
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us