Advertisment

আজি সম্ভল ভ্ৰমণৰ পৰিকল্পনা ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীৰ...

ৰাহুল গান্ধীৰ সম্ভল ভ্ৰমণৰ পূৰ্বে জিলা দণ্ডাধীশ ৰাজেন্দ্ৰ পেঞ্চিয়াই চুবুৰীয়া জিলাসমূহত পদবীত থকা আৰক্ষী বিষয়াসকললৈ এখন পত্ৰ লিখি নিজৰ জিলাৰ সীমান্তত ৰাহুল গান্ধীক ৰখাবলৈ আহ্বান জনাইছে।

author-image
Asomiya Pratidin
New Update
12

ডিজিটেল ডেস্কঃ  উত্তৰ প্ৰদেশৰ সম্ভল শ্বাহী জামা মছজিদৰ জৰীপৰ সময়ত সংঘটিত হোৱা হিংসাত্মক ঘটনাকলৈ শাসনধিষ্ঠ চৰকাৰক অহৰহ আক্ৰমণ চলাইছে বিৰোধী পক্ষই। ইফালে ১০ ডিচেম্বৰ পৰ্যন্ত উক্ত স্থানত ৰাজনৈতিক দল, নেতা, ধৰ্মীয় আৰু সামাজিক সংগঠনৰ প্ৰতিনিধি দলৰ প্ৰৱেশ নিষিদ্ধ কৰিছে জিলা প্ৰশাসনে। জিলাখনত বিএনএছৰ ১৬৩ ধাৰা জাৰী কৰা হৈছে।

Advertisment

এই সমগ্ৰ ঘটনাৰ মাজতে বুধবাৰে (৪ ডিচেম্বৰ) পুৱা ১০ বজাত উত্তৰ প্ৰদেশৰ কংগ্ৰেছৰ সাংসদসকলৰ সৈতে সম্ভল ভ্ৰমণ কৰিব লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে। লগতে উপস্থিত থাকিব ৱায়ানাদৰ নতুন সাংসদ প্ৰিয়ংকা গান্ধী ভাদ্ৰা। মঙলবাৰে (৩ ডিচেম্বৰ) এই বিষয়ে জনাই দলৰ ৰাজ্যিক সভাপতি অজয় ​​ৰায়ে। 

ৰাহুল গান্ধীৰ সম্ভল ভ্ৰমণৰ পূৰ্বে জিলা দণ্ডাধীশ ৰাজেন্দ্ৰ পেঞ্চিয়াই চুবুৰীয়া জিলাসমূহত পদবীত থকা আৰক্ষী বিষয়াসকললৈ এখন পত্ৰ লিখি নিজৰ জিলাৰ সীমান্তত ৰাহুল গান্ধীক ৰখাবলৈ আহ্বান জনাইছে। এই সন্দৰ্ভত কংগ্ৰেছৰ ৰাজ্যিক সভাপতিগৰাকীয়ে জিলা দণ্ডাধীশৰ পত্ৰৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, "এয়া গণতন্ত্ৰৰ হত্যা আৰু প্ৰশাসন ব্যৱস্থাৰ অপব্যৱহাৰ।"   

পিটিআইক অজয় ​​ৰায়ে কয়, ৰাহুল গান্ধীৰ নেতৃত্বত গঠিত উত্তৰ প্ৰদেশৰ ছয়জনীয়া দলীয় সাংসদ সকলক এই প্ৰতিনিধি দলত অন্তৰ্ভুক্ত কৰা হ’ব। ইয়াৰ ভিতৰত দলৰ সাধাৰণ সম্পাদক তথা ৰাজ্যিক প্ৰভাৰী অবিনাশ পাণ্ডেও থাকিব।

ইফালে মঙলবাৰে জিলা দণ্ডাধীশ পেঞ্চিয়াই গৌতম বুদ্ধ নগৰ আৰু গাজিয়াবাদৰ আৰক্ষী আয়ুক্ত আৰু বুলণ্ডশ্বহৰ জিলাৰ আমৰোহাৰ আৰক্ষী অধীক্ষকলৈ এখন পত্ৰ লিখি ৰাহুল গান্ধীক তেওঁলোকৰ  জিলাসমূহৰ সীমান্তত ৰখাবলৈ আহ্বান জনায়।

লক্ষণীয় যে, সম্ভলত বাহিৰৰ লোকৰ প্ৰৱেশ নিষেধাজ্ঞা শনিবাৰে সমাপ্ত হৈছিল যদিও জিলা দণ্ডাধীশ পেঞ্চিয়াই এই নিষেধাজ্ঞা ১০ ডিচেম্বৰলৈ বৃদ্ধি কৰিছে। তেওঁ কয় যে, শান্তি-শৃংখলা বজাই ৰাখিবলৈ ভাৰতীয় নাগৰিক প্ৰতিৰক্ষা সংহিতাৰ ১৬৩ (নিষিদ্ধ আদেশ) ধাৰা জিলাখনত ৩১ ডিচেম্বৰলৈকে বলবৎ থাকিব। ১০ ডিচেম্বৰলৈকে কোনো বাহিৰৰ ব্যক্তি, সামাজিক সংগঠন বা জনপ্ৰতিনিধিয়ে যোগ্য কৰ্তৃপক্ষৰ অনুমতি নোলোৱাকৈ জিলাখনত প্ৰৱেশ কৰিব নোৱাৰিব।

উল্লেখ্যযোগ্য যে,  ১৯ নৱেম্বৰৰ পৰাই সম্ভলত উত্তেজনা অব্যাহত আছিল।জামা মছজিদৰ স্থানত হৰিহৰ মন্দিৰ থকাৰ দাবীৰে কৰা এক আৱেদনৰ শুনানি গ্ৰহণ কৰি আদালতে প্ৰথমবাৰৰ বাবে জামা মছজিদৰ জৰীপৰ নিৰ্দেশ দিছিল। সেই নিৰ্দেশৰ পিছত জৰীপ চলাবলৈ এটা দল উপস্থিত হোৱাত একাংশ লোকে প্ৰতিবাদ আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত সম্ভলৰ প্ৰতিবাদে হিংসাত্মক ৰূপ লৈছিল।

ৰাহুল গান্ধী