/asomiyapratidin/media/media_files/2025/10/17/544-2025-10-17-14-20-49.jpg)
ডিজিটেল ডেস্ক : জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে ১৭ অক্টোবৰ ২০২৫ শুকুৰবাৰে অসমত উপস্থিত হৈছেহি কংগ্ৰেছ নেতা তথা সাংসদ ৰাহুল গান্ধী। বৰঝাৰ বিমান বন্দৰত পদাৰ্পণ কৰাৰ পাছতে তেওঁ দিনৰ ২-০০ বজাত উপস্থিত হয় সোণাপুৰৰ কমাৰকুছিস্থিত জুবিন গাৰ্গৰ সমাধিস্থলীত।
তাত তেওঁ জুবিন গাৰ্গৰ সমাধিত পুষ্পাঞ্জলি অৰ্পণ কৰি শিল্পীগৰাকীক শ্ৰদ্ধা নিবেদন কৰে। লগতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত এখনি গামোচাও অৰ্পণ কৰে ৰাহুল গান্ধীয়ে। লগতে তেওঁ জুবিন গাৰ্গৰ প্ৰিয় গছ নাহৰৰ পুলি এটিও ওচৰতে ৰোপণ কৰে।
জানিব পৰা মতে তেওঁৰ আজিৰ এই অসম ভ্ৰমণ কেৱল জুবিন গাৰ্গৰ বাবেহে। আজিৰ এই ভ্ৰমণত তেওঁ কোনো দলীয় কাৰ্যসূচীত অংশগ্ৰহণ নকৰে বুলি স্পষ্টভাৱে জানিবলৈ দিয়ে।
ইফালে সোণাপুৰত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি পৰ্ব সম্পন্ন কৰিয়েই তেওঁ যাব জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহলৈ। তাত তেওঁ জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ তথা পৰিয়ালক সাক্ষাৎ কৰিব।
আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৰাহুল গান্ধীক সংগ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে। একেদৰে অনুষ্ঠানত উপস্থিত থাকে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ লগতে ভালেসংখ্যক ৰাইজ।