আৰ এছ এছ নেতাক কিয় লগ কৰিছিল ৰাহুল গান্ধীয়ে!

বৰ্তমান সময়ত কংগ্ৰেছে অব্যাহত ৰাখিছে ভাৰত জোড়ো যাত্ৰা। ইয়াৰ নেতৃত্ব লৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।

author-image
Asomiya Pratidin
New Update
কোৰোনাত আক্ৰান্ত ৰাহুল গান্ধী…

ডিজিটেল ডেস্ক: বৰ্তমান সময়ত কংগ্ৰেছে অব্যাহত ৰাখিছে ভাৰত জোড়ো যাত্ৰা। ইয়াৰ নেতৃত্ব লৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। বৃহস্পতিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মহাৰাষ্ট্ৰৰ নান্দেদত এক ৰেলী সম্বোধন কৰি কয় যে দৰ্শকৰ অনুমতি সাপক্ষে এটা কাহিনী বৰ্ণনা কৰিবলৈ বিচাৰিছো। কাহিনীটো অলপ বিতৰ্কিত। এইটো সেই সময় আছিল যেতিয়া ৰাহুল গান্ধীয়ে কেদাৰনাথ ভ্ৰমণ কৰিছিল আৰু তাত এজন আৰ এছ এছ নেতাক লগ কৰিছিল।

Advertisment

তেওঁ কয় যে তেওঁ মন স্থিৰ কৰিছিল যে তেওঁ কেদাৰনাথলৈ হেলিকপ্টাৰেৰে নাযায়। তেওঁ কয় "মই পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ তীৰ্থস্থান ভ্ৰমণ কৰিবলৈ গৈ আছো আৰু মই ১৫-১৬ কিলোমিটাৰ খোজ কাঢ়িবলৈ দৰ্শন কৰিব নোৱাৰো নেকি?"

কেদাৰনাথত, ৰাহুল গান্ধীয়েএজন ঘূৰণীয়া আৰ এছ এছ নেতাক লগ পোৱাৰ কথা উল্লেখ কৰে । লগতে কয় যে "মই নাযানো কেনেকৈ কব লাগে কিন্তু তেওঁৰ ওজন প্ৰায় ১০০ কেজি আছিল।তেওঁৰ লগত এজন সেৱক আছিল যিয়ে এটা ফলৰ বাস্কেট লৈ গৈছিল। মই তেওঁক সুধিছিলোঁ তেওঁ কৈছিল যে তেওঁ শিৱজীক আগবঢ়াবলৈ সেই ফলবোৰ আনিছিল। মই ভাবিছিলো তেওঁ অনা নাই; তেওঁৰ সেৱকে আনিছিল।

"তেওঁ মোক সুধিছিল মই কেনেকৈ আহিছো। মই তেওঁক কৈছিলো যে মই খোজ কাঢ়িছিলো। তেওঁ মোক কৈছিল যে তেওঁ এখন হেলিকপ্টাৰেৰে আহিছিল।

"পূজাৰ পিছত, তেওঁ মোক সুধিছিল যে মই ভগৱানৰ পৰা কি বিচাৰিছিলো। একেই কথা মইও তেওঁক সুধিছিলো। মইও তেওঁক একেটা কথা সুধিছিলো। তেওঁ কৈছিল, 'ৰাহুল, স্বাস্থ্য বিছাৰিছিলো।

তাৰ পাছতেই ৰাহুল গান্ধীয়ে দৰ্শক সকলক কৈছিল যে মই কেৱল হাত যোৰ কৰি ভগৱানক ধন্যবাদ জনাইছিলো। এয়াই পাৰ্থক্য আৰ এছ এছ আৰু কংগ্ৰেছৰ মাজত। আমি কেৱল কথা নাপতো,খোজকাঢ়ি কথা পাতো।

congress rahul gandhi rss