/asomiyapratidin/media/media_files/2025/08/14/ujjd-2025-08-14-12-54-26.jpg)
ডিজিটেল ডেস্কঃ জীৱনলৈ ভাবুকি আহিছে কংগ্ৰেছ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ। ছাভাৰকাৰক লৈ কৰা মন্তব্যৰ বাবে সেই মতাদৰ্শত বিশ্বাসী লোকৰ পৰা হত্যাৰ ভাবুকি লাভ কৰাৰ আশংকা ব্যক্ত কৰে ৰাহুল গান্ধীৰ অধিবক্তাই।
ছাভাৰকাৰক লৈ কৰা মন্তব্যৰ বাবে পুনেৰ আদালতত তেওঁৰ বিৰুদ্ধে অপৰাধমূলক মানহানিৰ গোচৰৰ শুনানিৰ সময়ত এই আশংকা প্ৰকাশ কৰে অধিবক্তাই। ৰাহুল গান্ধীৰ অধিবক্তা মিলিন্দ পাৱাৰে বুধবাৰে বিশেষ এমপি, এমএলএ আদালতত লিখিত আবেদন দাখিল কৰি কয় যে বিজেপি নেতাসকলে দিয়া ভাবুকিৰ বাবে আৰু গোচৰৰ আবেদনকাৰীৰ সৈতে জড়িত ঐতিহাসিক প্ৰেক্ষাপটৰ বাবে তেওঁৰ মক্কেলৰ সুৰক্ষাৰ প্ৰতি গুৰুতৰ আশংকা সৃষ্টি হৈছে।
আবেদনখনত অধিবক্তাগৰাকীয়ে লগতে কয়, “ছাভাৰকাৰৰ মতাদৰ্শত বিশ্বাসী লোকে ৰাহুল গান্ধীৰ ক্ষতি কৰিব পাৰে, মিছা গোচৰত আবদ্ধ কৰিব পাৰে বা অন্যথা তেওঁক লক্ষ্য কৰি ল’ব পাৰে।” উল্লেখ্য যে ৰাহুল গান্ধীয়ে প্ৰায়ে ছাভাৰকাৰক সমালোচনা কৰি আহিছে আৰু তেওঁক "ব্ৰিটিছ পেঞ্চনাৰ" বুলি অভিহিত কৰি আহিছে।
তেওঁৰ অধিবক্তাই এই মন্তব্যৰ সমৰ্থনত যুক্তি আগবঢ়াই গোচৰটোত আবেদনকাৰীৰ সৈতে জড়িত হিংসাত্মক আৰু অসাংবিধানিক কাৰ্যকলাপৰ ঐতিহাসিক প্ৰসংগ আৰু দেশৰ "বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতি"ৰ উল্লেখ কৰে। ৰাহুল গান্ধীৰ অধিবক্তাই কয়, "আবেদনকাৰীৰ পূৰ্বপুৰুষ মহাত্মা গান্ধীৰ হত্যাকাৰীৰ সহযোগী বুলি জনা যায়। এনে এক ভয়ানক ইতিহাসৰ প্ৰেক্ষাপটত আমি আশংকা কৰোঁ যে ইতিহাসৰ পুনৰাবৃত্তি হ'ব পাৰে।"
আবেদনখনত উল্লেখ কৰা হৈছে যে ৰাহুল গান্ধীয়ে দুখীয়া আৰু বঞ্চিত লোকৰ বাবে অহৰহ কণ্ঠস্বৰ হৈ আহিছে। গতিকে সাম্প্ৰদায়িক উগ্ৰপন্থী, ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত উদ্যোগপতি, হিন্দুত্ববাদী সমৰ্থক আৰু সাংবিধানিক শাসন বিঘ্নিত কৰিব বিচৰাসকলে কংগ্ৰেছ নেতাৰ প্ৰতি শত্ৰুতা আশ্ৰয় দিয়াটো অস্বাভাৱিক নহয়।
ইফালে, এই বাতৰি প্ৰকাশ পোৱাৰ পিছতে কংগ্ৰেছে বিবৃতিযোগে কৈছে যে অধিবক্তাই ৰাহুল গান্ধীৰ সন্মতি অবিহনেই উক্ত দাবী কৰিছিল আৰু সেয়ে ৰাহুল গান্ধীয়ে বিষয়টো অৱগত হোৱাৰ লগে লগে সেই মন্তব্য প্ৰত্যাহাৰ কৰিবলৈ অধিবক্তাগৰাকীক আবেদন জনাবলৈ গান্ধীয়ে নিৰ্দেশ দিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us