/asomiyapratidin/media/media_files/2026/03/03/whatsapp-image-2026-03-03-17-43-50.jpeg)
ডিজিটেল ডেস্কঃ আমেৰিকা,ইজৰাইল,ইৰানৰ মাজত চলি থকা সামৰিক সংঘাতৰ বাবে মধ্যপ্ৰাচ্যৰ শেহতীয়ী পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। এই যুদ্ধত বহু নাগৰিকৰ মৃত্যু হৈছে ৷ ইপিনে বৰ্মতমানো মধ্যপ্ৰাচ্যত আৱদ্ধ হৈ আছে বহু ভাৰতীয় ৷
এই সংঘাতৰ মাজতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কৰে সমালোচনা। প্ৰধানমন্ত্ৰী মোডীৰ মৌনতাক লৈ বহু প্ৰশ্ন উত্থাপন কৰিছে ৰাহুল গান্ধীয়ে।
উল্লেখ্য যে- ‘এক্স’ত প্ৰকাশ কৰা এক বিবৃতিত গান্ধীয়ে উল্লেখ কৰে যে এনে পৰিস্থিতিত গ্ৰহণ কৰা নীৰৱতাই বিশ্ব দৰবাৰত ভাৰতৰ মৰ্যাদা লাঘৱ কৰিছে। তেওঁ কয় যে- ভাৰতৰ বৈদেশিক নীতি সদায় সাৰ্বভৌমত্ব আৰু বিবাদৰ শান্তিপূৰ্ণ সমাধানৰ ওপৰত আধাৰিত, সেয়েহে এই ক্ষেত্ৰত দেশখনে আন্তঃৰাষ্ট্ৰীয় আইন আৰু মানৱ জীৱন ৰক্ষাৰ স্বাৰ্থত নিৰ্ভীকভাৱে মাত মতা উচিত। ইয়াৰ পূৰ্বে কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষা ছোনিয়া গান্ধীয়েও এক প্ৰবন্ধৰ জৰিয়তে খামেনিৰ হত্যাকাণ্ডৰ সন্দৰ্ভত ভাৰত চৰকাৰৰ নীৰৱতাক লৈ প্ৰশ্ন উত্থাপন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/03/whatsapp-i-2026-03-03-17-39-18.jpeg)
আনপিনে ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেইনীৰ মৃত্যুৰ পাছৰ যোৱা ২ মাৰ্চত চৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমানৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰি দেশখনৰ ভূখণ্ডত হোৱা শেহতীয়া ক্ষেপণাস্ত্ৰ আৰু ড্ৰোণ আক্ৰমণক গৰিহণা দিছিল। ইয়াৰ পূৰ্বে তেওঁ সংযুক্ত আৰৱ আমিৰশ্বাহীৰ নেতৃত্ব আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ সৈতেও বাৰ্তালাপ কৰি শত্ৰুতাৰ অন্ত পেলোৱাৰ আহ্বান জনাইছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us