/asomiyapratidin/media/media_files/2025/09/17/whatsapp-image-2025-09-17-13-41-44.jpeg)
ডিজিটেল ডেস্কঃ লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে ইনষ্টাগ্ৰামত এটা শাৰীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ৭৫ সংখ্যক জন্মদিনৰ শুভেচ্ছা জনায়। ৰাহুল গান্ধীয়ে নিজৰ পোষ্টত লিখিছে, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ জন্মদিনৰ শুভেচ্ছা আৰু সুস্বাস্থ্য কামনা কৰিলো।"
ৰাহুল গান্ধীয়ে এই পোষ্টটো শ্ৰী মোডীক টেগ কৰা নাই। আনহাতে,কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়েও প্ৰধানমন্ত্ৰী মোডীক শুভেচ্ছা জনায়। খৰ্গে এক্সত লিখে, "প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী জীলৈ জন্মদিনৰ শুভেচ্ছা। তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো।"
প্ৰধানমন্ত্ৰী গৰাকীৰ জন্মদিন উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ নেতা, মন্ত্ৰী আৰু জনপ্ৰতিনিধিয়ে তেওঁক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। সমগ্ৰ দেশতে বিজেপিয়ে কেইবাটাও অনুষ্ঠানৰ আয়োজন কৰিছে।
উল্লেখযোগ্য যে, আগন্তুক নিৰ্বাচনক লৈ ভোট চুৰিক কেন্দ্ৰ কৰি ৰাহুল গান্ধীয়ে ধাৰাবাহিকভাৱে প্ৰধানমন্ত্ৰী মোডীক টাৰ্গেট কৰি আহিছে। যোৱা কিছুদিন ধৰি ৰাহুলে ধাৰাবাহিকভাৱে প্ৰধানমন্ত্ৰী মোডীক আক্ৰমণ কৰি ভোট চোৰ আখ্যা দিছিল।