/asomiyapratidin/media/media_files/2025/10/17/547-2025-10-17-17-48-48.jpg)
ডিজিটেল ডেস্ক : জুবিন গাৰ্গক শ্ৰদ্ধা নিবেদন কৰাৰ উদ্দেশ্য আগত ৰাখি অসমত উপস্থিত হৈছে কংগ্ৰেছ নেতা তথা সাংসদ ৰাহুল গান্ধী। ৰাহুল গান্ধীয়ে শুকুৰবাৰে বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈয়ে পোনে পোনে ৰাওনা হয় সোণাপুৰস্থিত জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰলৈ।
তাত তেওঁ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধা নিবেদন কৰে। লগতে এটি জুবিন গাৰ্গৰ প্ৰিয় গছ নাহৰ পুলি ৰোপণ কৰি শিল্পীগৰাকীলৈ প্ৰণিপাত জনায়।
উল্লেখযোগ্য যে, দলীয় কোনো কাৰ্যসূচী নৰখাকৈ কেৱল জুবিন গাৰ্গক শ্ৰদ্ধা জনাবলৈ অহা ৰাহুল গান্ধীয়ে শ্ৰদ্ধাঞ্জলি পৰ্ব সাং কৰি পোনে পোনে জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহলৈ আহে। তাত তেওঁ জুবিন গাৰ্গৰ পিতৃ কপিল ঠাকুৰ(মোহিনী মোহন বৰঠাকুৰ), পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু আন পৰিয়ালবৰ্গৰে মত বিনিময় কৰে। তাৰোপৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৰাহুল গান্ধীয়ে।
ইয়াৰ পাছতে তেওঁ সংবাদ মাধ্যমৰ আগত নিজৰ অনুভৱ ব্যক্ত কৰি কয়- কাঞ্চনজংঘাৰ দৰেই আছিল জুবিন গাৰ্গ। এনে এটা পৰিস্থিতি মই ইয়ালৈ আহিব লগা হোৱাটো এটা দুখজনক বিষয়।
তেওঁ লগতে কয়- জুবিন গাৰ্গৰ ক্ষেত্ৰত ৪টা শব্দ প্ৰতিফলিত হৈ আছে। সেয়া হৈছে সৎ, স্বচ্ছ, অটল আৰু সুন্দৰ। এই চাৰিওটা শব্দই আজি যুৱ প্ৰজন্মক প্ৰতিনিধিত্ব কৰে।
জুবিন গাৰ্গৰ সফলতা আছিল, ধন আছিল কিন্তু তাৰ মাজতো তেওঁ এগৰাকী মূল্যবোধ জনা ব্যক্তি আছিল। তেওঁ আছিল অসমৰ জনসাধাৰণৰ কণ্ঠ। তেওঁৰ দৰে শিল্পী অসমে লাভ কৰি গৌৰৱান্বিত বুলি ৰাহুল গান্ধীয়ে মন্তব্য প্ৰকাশ কৰে।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, আজিৰ এই কাৰ্যসূচীত ৰাহুল গান্ধীক সংগ দিয়ে গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া, ৰেকিবুদ্দিন আহমেদ আদিয়ে।