/asomiyapratidin/media/media_files/2026/01/27/5-2026-01-27-11-25-06.jpg)
ডিজিটেল ডেস্ক : সময় সলনি হ’ব পাৰে, কিন্তু কংগ্ৰেছ দলৰ তথাকথিত শীৰ্ষ নেতা শ্ৰীৰাহুল গান্ধী ডাঙৰীয়াৰ মানসিকতা দুৰ্ভাগ্যজনকভাৱে কেতিয়াও সলনি নহ'ল।– এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
অসমক কেন্দ্ৰ কৰি পুনৰ বিতৰ্কত সোমাই পৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। এইবাৰ তেওঁৰ বিৰুদ্ধে উঠিছে অসমৰ স্বাভিমান গামোচাক অৱমাননা কৰাৰ অভিযোগ।
উল্লেখ কৰা প্ৰয়োজন যে, ২৬ জানুৱাৰী ২০২৬ সোমবাৰে দেশৰ ৰাজধানী নতুন দিল্লীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আয়োজন কৰিছিল এক অভ্যাৰ্থনা অনুষ্ঠানৰ। এই অনুষ্ঠানত শাসক- বিৰোধী ৰাজনৈতিক দলৰ নেতাৰ লগতে দেশৰ আন আন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক জনাইছিল আমন্ত্ৰণ। আটাইকেইগৰাকীকে জনাইছিল সম্ভাষণ। কিন্তু ৰাহুল গান্ধীক যেতিয়া গলবস্ত্ৰৰে সম্ভাষণ জনাবলৈ প্ৰস্তুত হৈছিল, তেতিয়া তেওঁ সেই উত্তৰ- পূবৰ গলবস্ত্ৰ পৰিধান কৰিবলৈ বিৰত আছিল।
গান্ধীৰ এনে কাণ্ডৰ বিৰুদ্ধে এতিয়া সৰৱ হৈ উঠিছে মুখ্যমন্ত্ৰীকে ধৰি অসম ৰাজ্যিক বিজেপি তথা আন আন দল- সংগঠনসমূহ। ৰাহুল গান্ধীৰ এই কাণ্ড সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে নিজৰ সামাজিক মাধ্যমত ক্ষোভ উজাৰি ক্ষমা খোজাৰ দাবী উত্থাপন কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই সামাজিক মাধ্যমত এইদৰে লিখিছে-
সময় সলনি হ’ব পাৰে, কিন্তু কংগ্ৰেছ দলৰ তথাকথিত শীৰ্ষ নেতা শ্ৰীৰাহুল গান্ধী ডাঙৰীয়াৰ মানসিকতা দুৰ্ভাগ্যজনকভাৱে কেতিয়াও সলনি নহ'ল। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ প্ৰতি গভীৰভাৱে অসংবেদনশীল আৰু অপমানজনক এক কাৰ্যত গান্ধী ডাঙৰীয়াই আজি সন্ধিয়া মাননীয় ৰাষ্ট্ৰপতি মহোদয়াই আয়োজন কৰা অভ্যৰ্থনাত অঞ্চলটোৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক পৰম্পৰাগত পাটকা (গলবস্ত্ৰ) পৰিধান কৰিবলৈ অস্বীকাৰ কৰে৷
মাননীয় ৰাষ্ট্ৰপতি আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি বিদেশী অতিথিসকলৈকে সকলোৱে সন্মান আৰু গৌৰৱৰ সৈতে পাটকা পৰিধান কৰিছিল। কিন্তু ৰাহুল গান্ধী ডাঙৰীয়াই অকলে পৰিধানৰ পৰা বিৰত থাকি উত্তৰ-পূৰ্বাঞ্চলৰ সংস্কৃতিক আকৌ এবাৰ অপমানিত কৰিলে৷
এনেধৰণৰ দৃষ্টিকটু কাৰ্যকলাপে বুজায় উত্তৰ-পূৰ্বাঞ্চলৰ লগতে প্ৰায় সমগ্ৰ দেশতে তেওঁলোকৰ মানুহৰ পৰা আস্থা হেৰোৱাৰ প্ৰকৃত কাৰণ৷ তথাপি এইধৰণৰ অসংবেদনশীল কাৰ্য কংগ্ৰেছে পুনৰাবৃত্তি কৰিয়ে থাকে৷
যি নহওক এই অপমানজনক আচৰণৰ বাবে ৰাহুল গান্ধী ডাঙৰীয়াই উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ ওচৰত নিশ্চিতকৈ ক্ষমা প্ৰাৰ্থনা কৰিবই লাগিব। উত্তৰ-পূবৰ জনসাধাৰণক সন্মান জনোৱাতো সকলোৰে দায়িত্বই নহয়, আমাৰ বাবে ই এক অধিকাৰ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us