/asomiyapratidin/media/media_files/2026/01/06/1-2026-01-06-14-47-35.jpg)
ডিজিটেল ডেস্কঃ সমাগত ভোগৰ উৎসৱ ভোগালী। ভোগালীক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী। মেজি, ভেলাঘৰ আদি নিৰ্মাণত ব্যস্ত হৈছে গাঁৱৰ ৰাইজ । এইবাৰ ৰাজ্যবাসীয়ে পালন কৰিব জুবিনবিহীন প্ৰথমটো ভোগালী বিহু । যদিও পূৰ্বৰ দৰে আনন্দৰ পৰিৱেশ নাই, তথাপি মহানায়কগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ স্মৃতিত ঠায়ে ঠায়ে নিৰ্মাণ কৰিছে ভেলাঘৰ।
/asomiyapratidin/media/post_attachments/2fd98701-f20.png)
উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ৰহাৰ দীঘলদৰি মিলনপুৰত ৰাজীৱ জ্যোতি নাথৰ নেতৃত্বত ৬ খন গাঁৱৰ ১৪ জন যুৱকে নিৰ্মাণ কৰি আছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মুখ মণ্ডলৰ আৰ্হিৰে ৩০ ফুট উচ্চতাৰ ভেলাঘৰ। লগতে নিৰ্মাণ কৰিছে সোণাপুৰস্থিত জুবিন ক্ষেত্ৰৰ আৰ্হি।
/asomiyapratidin/media/post_attachments/e53121cd-731.png)
ইতিমধ্যে ৮০ শতাংশ কাম সম্পূৰ্ণ হৈছে। ইপিনে যুৱককেইজনে জানিব দিয়ে যে- ভেলাঘৰটো কেৱল ৰাইজৰ আকৰ্ষণ আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যৰে নিৰ্মান কৰা হৈছে।
/asomiyapratidin/media/post_attachments/1252d279-8e3.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us