ৰহাৰ ৰাজপথত গণ গৰ্জন মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লগতে একাধিক সংগঠনৰ

কেইবাটাও দাবীৰে ৰহাৰ সৰাগাঁৱত ৰাজপথত উলিওৱা হয় গণ গৰ্জন প্ৰতিবাদী সমদল।‌

author-image
Asomiya Pratidin
New Update
AP WEB raha

ডিজিটেল সংবাদ,ৰহাঃ  ৰহাত বৃহৎ প্ৰতিবাদী সমদল মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লগতে একাধিক সংগঠনৰ ৷ মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা, জনজাতি সুৰক্ষা পৰিষদ অসমৰ উদ্যোগত আৰু মধ্য অসম কোচ ৰাজবংশী উন্নয়ন প্ৰাধিকাৰণ দাবী সমিতি, আক্ৰাছু নগাঁও জিলা সমিতি, চুতীয়া যুৱ সন্মিলনী অসমৰ নগাঁও জিলা সমিতি, সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা, সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ৰহা আঞ্চলিক সমিতিৰ সহযোগত কেইবাটাও দাবীৰে ৰহাৰ সৰাগাঁৱত ৰাজপথত উলিওৱা হয় গণ গৰ্জন প্ৰতিবাদী সমদল।‌ 

উল্লেখ্য যে ছয় জনগোষ্ঠীক জনজাতি মৰ্যদা প্ৰদান, অসমক জনজাতি ৰাজ্য ঘোষণা আৰু অসমত ইনাৰলাইন পাৰ্মিট ব্যৱস্থাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন কেইটাই। ৰহাৰ সৰাগাঁও ৰাস মন্দিৰ প্ৰাংগণৰ পৰা উলিওৱা এই প্ৰতিবাদী সমদলত দুই শতাধিক পুৰুষ মহিলা প্ৰতিবাদকাৰীয়ে হাতে হাতে প্লেকাৰ্ড লৈ ’জনজাতি আমাৰ অধিকাৰ, জনজাতি আমাক লাগিবই, ছয় জনগোষ্ঠীক জনজাতি কৰক, অসম চৰকাৰ হায় হায়’আদি ধ্বনিৰে উত্তাল কৰি তোলে ৰাজপথ ৷ 

তাৰোপৰি চৰকাৰে ছয় জনগোষ্ঠীক প্ৰতাৰণা কৰি অহা বুলি অভিযোগ তুলি প্ৰতিবাদকাৰী সংগঠনকেইটাই জনজাতি মৰ্যাদা নোপোৱালৈকে ছয় জনগোষ্ঠী ক্ষান্ত নহয় বুলি চৰকাৰক সকীয়নি প্ৰদান কৰাৰ লগতে প্ৰতিবাদী সমদলৰ পূৰ্ৱে এক প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে। 

ৰহা জনজাতিকৰণ