/asomiyapratidin/media/media_files/2026/02/01/1-2026-02-01-23-12-18.jpg)
ডিজিটেল ডেস্কঃ বিগত বৰ্ষৰ দৰে এইবাৰো ৰহাৰ পূৱ সৰাগাঁৱৰ স্থানীয় নাথ সমাজৰ উদ্যোগত এক বৃহৎ প্ৰীতি ভোজৰ আয়োজন কৰে। গাওঁখনৰ সহস্ৰাধিক লোকে অংশগ্ৰহণ গ্ৰহণ কৰা প্ৰীতি ভোজৰ প্ৰাক মুহূৰ্তত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ লগতে পুষ্পাঞ্জলি অৰ্পণ কৰা হয়। প্ৰীতি ভোজত অংশগ্ৰহণ কৰি স্থানীয় বিধায়ক শশীকান্ত দাসে সৰাগাওঁ অঞ্চলৰ ৰাইজৰ ঐক্য বান্ধোন সচাঁকৈ প্ৰসংসনীয় বুলি এক চমু বক্তব্য প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/792b9d4e-188.png)
ইপিনে এই প্ৰীতি ভোজৰ বাবে পথৰ দুয়ো কাষে দুটাকৈ শাৰীত বহি সৰুৰ পৰা ডাঙৰলৈ কলগছৰ দোনাত খাইছে ভাত। এক অপূৰ্ব দৃশ্য দেখিবলৈ পোৱা গৈছে। যি সময়ত এখন গাঁৱতে দুখন তিনিখন কৈ খেল,ঐক্যতাৰ অভাৱ । তেনে সময়তে ৰহাৰ পূৱ সৰাগাঁৱৰ ৰাইজে ধৰি ৰাখিছে পৰম্পৰাৰ ঐক্যতাৰ এনাজৰী।
/asomiyapratidin/media/post_attachments/636abf47-4f8.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us