/asomiyapratidin/media/media_files/2025/12/01/1-2025-12-01-14-29-17.jpg)
ডিজিটেল ডেস্কঃ ৰহা সমষ্টিৰ আধ্যাত্মিকতাৰ অন্যতম প্ৰাণকেন্দ্ৰ "মা বসুন্ধৰী থান" ৰ আদৰণি তোৰণ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰে ৰহাৰ বিধায়ক শশীকান্ত দাসে । বিধায়ক পুঁজিৰ অধীনত ১০ লক্ষ টকাৰে নিৰ্মাণ হ'বলগীয়া এই বিশেষ তোৰণখনে সমষ্টিবাসী ৰাইজৰ লগতে আন ঠাইৰ ভক্তপ্ৰাণ ৰাইজক থানখনলৈ অহা-যোৱা কৰাত বিশেষভাৱে সহায় কৰিব।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/01/whatsapp-image-2025-12-01-14-29-40.jpeg)
শুভাৰম্ভণি অনুষ্ঠানত কমাৰগাঁও মণ্ডলৰ সভাপতি শ্ৰী ভাস্কৰ জ্যোতি পাটৰ , ৰহা আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী শ্ৰীমতী অপৰাজিতা বৰদলৈ , চাপৰমুখ জিলা পৰিষদৰ সদস্যা শ্ৰীমতী জোনালীম দাস, বিশিষ্ট সমাজ সেৱক শ্ৰী জনাৰ্দন শইকীয়া , তিৱা স্বায়ত্ত শাসিত পৰিষদৰ সদস্য শ্ৰী মোহন সেনাপতি তথা অজিত পাটৰ , হাটবৰ গাঁও পঞ্চায়তৰ সভাপতি শ্ৰী দীপেন কোঁৱৰ তথা সভানেত্ৰী শ্ৰীমতী সুমিত্ৰা পাটৰ , ৰাজ্যিক সামাজিক মাধ্যম কোষৰ সদস্য শ্ৰী সীমান্ত শেখৰ , আমচৈ আঞ্চলিক পঞ্চায়ত সদস্য শ্ৰী মালা মজুমদাৰ, কমাৰগাঁও মণ্ডল যুৱ মৰ্চাৰ সভাপতি শ্ৰী সীমান্ত দেউৰী আৰু অনুসূচীত জনজাতি মৰ্চাৰ সভাপতি শ্ৰী মৃণাল পাটৰ উপস্থিত থাকে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/01/1-2025-12-01-14-30-00.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us