/asomiyapratidin/media/media_files/2026/02/07/1-2026-02-07-12-36-00.jpg)
ডিজিটেল ডেস্কঃ সমাগত বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বে তৎপৰতা বৃদ্ধি পাইছে শাসক-বিৰোধীৰ। কিন্তু এতিয়াও নিশ্চিত নহয় ৰহাৰ বিধায়ক শশীকান্ত দাসৰ ৰাজনৈতিক ভৱিষ্যত ৷ কি হ’ব শশীকান্ত দাসৰ ৰাজনৈতিক ভৱিষ্যত? এই লৈ ৰহাত চলিছে ব্যাপক চৰ্চা। শশীকান্ত দাসে এই মূহুত্ত্বলৈ আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰা নাই ৷ নিৰ্বাচনত শাসনাধিষ্ঠ মিত্ৰজোঁটৰ কোনে ল’ব ৬১নং ৰহা সমষ্টি? অগপক এৰি দিব নে বিজেপিয়ে ল’ব ৰহা সমষ্টি? সেই লৈও উৎকণ্ঠা বৃদ্ধি পাইছে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/07/whatsapp-im-2026-02-07-12-34-36.jpeg)
কিয়নো ২০১৬ চনত বিজেপিয়ে ৰহা সমষ্টি দখল কৰিছিল ৷ কিন্তু ২০২১ ত সমষ্টিটো অগপক এৰি দিয়াত প্ৰায় ১৪হাজাৰ ভোটৰ ব্যৱধানত কংগ্ৰেছৰ প্ৰাৰ্থী শশীকান্ত দাসৰ হাতত অগপৰ প্ৰাৰ্থী বিষ্ণু দাস পৰাজয় হৈছিল ৷ সমষ্টি পুনৰ নিদ্ধাৰণৰ পাছত ভোটবিন্নাসো সলনি হৈছে ৷ সেইফালৰ পৰা সমষ্টি ভাগ বাটোৱাৰাত ৰহা সমষ্টি এইবাৰো অগপক দিব নে নিদিয়ে সেয়া এতিয়াও স্পষ্ট হোৱা নাই ৷ যদি ৰহা সমষ্টি বিজেপিয়ে লয় তেন্তে শশীকান্ত দাসে বিজেপিৰ টিকট পাব নে নাপাব? তাক লৈও ব্যাপক চৰ্চা চলা পৰিলক্ষিত হৈছে।
আনফালে ৰহাত শক্তিশালী দাবিদাৰ হৈ উঠিছে বিজেপিৰ যুৱ নেতা সঞ্জীৱ হাজৰিকা ৷ ফলত শশীকান্ত দাসৰ এতিয়া ভাগ্য নিৰ্ভৰ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত ৷ বিধায়ক শশীকান্ত দাসেও প্ৰকাশ কৰিছে যে মুখ্যমন্ত্ৰীয়ে যি সিদ্ধান্ত লয় সেয়া তেওঁ মানি ল’ব ৷ চৰকাৰৰ সমৰ্থনত নথকাহেঁতেন ৰহা সমষ্টি উন্নয়ন নহ'লহেঁতেন আৰু নিজেও ভেঞ্চাৰ এম এল এ বা গাঁওবুঢ়া বিধায়ক হৈ থাকিবলগীয়া হটলহেঁতেন বুলি কৈ শশী দাসে মুখ্যমন্ত্ৰীৰ পদাংক অনুসৰণ কৰিব বুলি কৌশলপূৰ্ণ মন্তব্য কৰে ৷ ইতমধ্যে শশী দাসে নিজৰ ফটোত বিজেপিৰ প্ৰতীক চিহ্নও ব্যৱহাৰ কৰি প্ৰচাৰো চলোৱা দেখা গৈছে৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us