/asomiyapratidin/media/media_files/2025/12/09/new-ap-web-3-22-2025-12-09-10-24-17.jpg)
ডিজিটেল সংবাদ,ৰহাঃ অচিৰেই আধুনিক পৰ্যটন ক্ষেত্ৰ হিচাপে জিলিকি উঠিব ৰহাৰ ঐতিহাসিক জোঙালবলহু গড় ৷ ইতিহাস প্ৰসিদ্ধ বীৰ ৰজা জোঙালবলহুৰ ৰাজধানী তথা ঐতিহ্যপূৰ্ণ জোঙালবলহু গড়ক আধুনিক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে আগবঢ়োৱা ৬৫কোটি টকাৰে পূৰ্ণগতিত চলিছে পৰ্যটন ক্ষেত্ৰৰ কাম৷ ইতিমধ্যে পৰ্যটন ক্ষেত্ৰৰ প্ৰায় ৯০শতাংশ কাম সম্পূৰ্ণ হৈ উঠিছে। অহা তিনি জানুৱাৰীত জোঙালবলহু দিৱসৰ দিনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই জোঙালবলহু পৰ্যটন ক্ষেত্ৰ ৰাইজৰ বাবে মুকলি কৰাৰ সম্ভাৱনা আছে৷
/asomiyapratidin/media/post_attachments/fdf0cffd-514.png)
তিৱাসকলৰ পিতৃপুৰুষ বুলি গন্য কৰা ৰজা জোঙালবলহুৰ সাত তৰপীয়া গড়ৰ এই ৰাজধানী ক্ষেত্ৰখন সংৰক্ষণ তথা পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় দিবলৈ তিৱা জাতীয় সংগঠনসমূহে চৰকাৰক দাবী জনাই আহিছিল৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তিৱা সংগঠনৰ দাবীৰ প্ৰতি সহাৰি জনাই ঐতিহ্য বহনকাৰী ক্ষেত্ৰখন আধুনিক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ৬৫কোটি টকা মোকলাই দিয়ে ৷ জোঙালবলহু পৰ্যটন ক্ষেত্ৰত থাকিব তিৱাসকৰ ঐতিহ্যবহনকাৰী বিভিন্ন সম্পদ, কৃষ্টি-সংস্কৃতি তথা ভাস্কৰ্য৷ পৰ্যটন ক্ষেত্ৰত থাকিব তিৱাসকলৰ ডেকাচাং, বৰঘৰ, টঙীঘৰ৷ লগতে থাকিব যাদুঘৰ, পুথিভঁৰাল, সভাগৃহ, অতিথিশালা, তিৱা জনগোষ্ঠীয় ভোজনালয় আদি৷
/asomiyapratidin/media/post_attachments/aa4b0e0b-158.png)
উল্লেখ্য যে চতুৰ্দশ শতিকাৰ বীৰ ৰজা জোঙালবলহুৱে নিজৰ ৰাজধানী সুৰক্ষিত কৰিবলৈ সাত তৰপীয়া গড় মাৰিছিল৷ পিচত কছাৰী ৰজাৰ আক্ৰমণত জোঙালবলহুৰ মৃত্যু হয় যদিও থাকি গ’ল তেওঁৰ কৃতিত্বৰ চানেকি৷ দেশৰ স্বাধীনতাৰ পিচত ১৯৫৪চনত অসম চৰকাৰে এই বিশাল পুখুৰীবোৰক চৰকাৰী মীনপাম হিচাপে গঢ়ি তোলে যদিও জোঙালবলহুৰ কৃতিচিহ্ন গড়বোৰ ক্ষয় যাব ধৰিলে আৰু জোঙালবলহুৰ স্মৃতিও নৱ প্ৰজন্মৰ মাজৰ পৰা হেৰাই যাব ধৰিলে৷ তেনে সময়তে চৰকাৰে ঐতিহাসিক ঠাইখনক পৰ্যটন কেন্দ্ৰ হিচাপে গঢ় দিয়াত বুৰঞ্জীপ্ৰসিদ্ধ বীৰ ৰজাগৰাকীৰ কৃতিত্বৰ চানেকি জনমানসত পুনৰ সজীৱ হৈ উঠিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us