/asomiyapratidin/media/media_files/2025/11/15/birsa-2025-11-15-16-42-53.jpg)
ডিজিটেল সংবাদ,ৰহাঃ আজি জনজাতীয় গৌৰৱ দিৱস। জনজাতীয় নৃত্য গীতেৰে মুখৰিত ৰহাৰ হাটবৰ ৷ বীৰ বিৰছা মুণ্ডাৰ ১৫০ জন্ম জয়ন্তীৰ উপলক্ষে আয়োজিত এই জনজাতীয় গৌৰৱ দিৱস।
তাৰোপৰি পুৱা বিৰছা মুণ্ডা, ঐতিহাসিক বীৰ ৰজা জোঙালবলহু, স্বাধীনতা আন্দোলনৰ শ্বহীদ হেমৰাম পাটৰ আৰু ঐতিহাসিক ফুলগুৰি ধেৱাৰ শ্বহীদসকলৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই ৷
উল্লেখ্য যে ইয়াৰ পাছতে অনুষ্ঠিত হয় মুকলি সভা ৷ মুকলি সভাত অংশগ্ৰহণ কৰি বিধায়ক শশীকান্ত দাস, জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, ছামগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ইন্দ্ৰজিত বেজবৰুৱা প্ৰমুখ্যে ব্যক্তিসকল।
আনফালে দেশৰ স্বাধীনতা দিৱসৰ জনজাতীয় নেতা তথা শ্বহীদসকলৰ ত্যাগক সোঁৱৰণ কৰে ৷
প্ৰাণিধানযোগ্য যে, তিৱা, আদিবাসী, গাৰো আদি জনজাতীয় বৰ্ণিল সাজপাৰ তথা নৃত্য গীতেৰে জীপাল কৰি তোলে সমগ্ৰ অনুষ্ঠান৷ ইপিনে নগাঁও জিলা প্ৰশাসন আৰু ৰহা সমজিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত এই জনজাতীয় গৌৰৱ দিৱসত অঞ্চলৰ সহস্ৰাধিক লোক উপস্থিত থকাও পৰিলক্ষিত হয় ।
আনফালে জন্মজয়ন্তী উপলক্ষে তিৱা, আদিবাসী, গাৰো আদি জনজাতীয় শিল্পী সকলৰ বৰ্ণিল সাজ-পাৰেৰে কৰা নৃত্য গীতৰ অনুষ্ঠানে সমগ্ৰ অঞ্চলটো মুখৰিত কৰি তোলে। অনুষ্ঠানটোত স্থানীয় গণ্য মান্য ব্যক্তিৰ লগতে তিনি শতাধিক লোকে অংশগ্ৰহণ কৰি জনজাতীয় বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us