ডিজিটেল সংবাদ, ৰহাঃ ৰহাৰ আমচৈ কেঁকোৰাগাৱঁত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় এটা বন্যহস্তীৰ। আমচৈৰ কেঁকোৰাগাৱঁৰ চাৰ্থে ৰংপী নামৰ লোকজনৰ বাৰীত সংঘটিত হয় এই অঘটন। হাতীৰ বাবেই বাৰী পোহৰ কৰি ৰাখিবলৈ সংযোগ কৰি ৰাখিছিল বিদ্যুৎ।
মংগলবাৰে নিশা হাতীটোৱে আবাসিক এলেকাটোত প্ৰৱেশ কৰি কেইবাটাও বাসগৃহ ভাগে আৰু পুৱতি নিশা চাৰ্থে ৰংপী নামৰ লপকজনৰ বাৰীত সোমাওতেই বিদ্যুৎপৃষ্ট হৈ মৃত্যু হয় প্ৰায় দহ বছৰীয়া হাতীটো।
পিচত বন বিভাগক খবৰ দিয়াত বন বিভাগে হাতীটোৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ অন্তত উক্ত স্থানতে সমাধিস্থ কৰা হয় মৃত হাতীটো। ইপিনে মৃত হাতীটো চাবলৈ শ শ লোক উপস্থিত হয় ঘটনাস্থলীত। উল্লেখ্য যে উক্ত অঞ্চলত বন্যহস্তীয়ে প্ৰায়েই উপদ্ৰৱ চলাই আহিছ।