/asomiyapratidin/media/media_files/2025/12/26/web-agp-2025-12-26-17-04-58.jpg)
ডিজিটেল সংবাদ, ৰহাঃ ৰহা সমষ্টি পুনৰবাৰ লাগে অগপ দলক ৷ ২৬ৰ বিধানসভা নিৰ্বাচনত ৰহা সমষ্টিত অসম গণ পৰিষদে বিপুল ভোটত জয়লাভ কৰিব ৷ এই দাবী উত্থাপন কৰিছে ৰহা বিধানসভা সমষ্টিৰ অগপৰ নেতা-কৰ্মীয়ে ৷
শুকুৰবাৰে ৰহাত অনুষ্ঠিত হয় ৰহা সমষ্টিৰ অগপ দলৰ নতুন সমিতিৰ শপতগ্ৰহণ অনুষ্ঠান ৷ ইয়াৰ পৰাই মিত্ৰজোঁটক ৰহা সমষ্টি অগপক এৰি দিবলৈ আহ্বান জনায়। এই শপতগ্ৰহণ অনুষ্ঠানতে ৰহা কংগ্ৰেছৰ কেইবাজনো নেতা-কৰ্মীয়ে অগপত যোগদান কৰে ৷
উল্লেখ্য যে, ২০২১ৰ নিৰ্বাচনত মিত্ৰজোঁটে ৰহা সমষ্টি অগপক এৰি দিছিল যদিও নিৰ্বাচনত অগপৰ প্ৰাৰ্থী বিষ্ণু দাসে কংগ্ৰেছৰ শশীকান্ত দাসৰ হাতত প্ৰায় দহ হাজাৰ ভোটৰ ব্যৱধানত পৰাজিত হৈছিল ৷ সেয়ে এইবাৰো সমষ্টিটো মিত্ৰজোঁটে অগপক দিবনে নাই সেয়া এতিয়াও স্পষ্ট নহয় ৷ অৱশ্যে ২১ৰ তুলনাত এইবাৰ ৰহাত অগপৰ ভেটি কিছু শক্তিশালী হোৱা পৰিলক্ষিত হৈছে ৷ সেয়ে সমষ্টিটো দাবী কৰিছে অগপৰ নেতা-কৰ্মীয়ে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us