কৃষি বিভাগৰ উদ্যোগত “ৰবি কৰ্মশালা ২০২৫”

অসমত ৰবি শস্যৰ উৎপাদন বৃদ্ধিৰ বাবে শনিবাৰে কৃষি বিভাগ, অসমৰ উদ্যোগত খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত দিনযোৰা কাৰ্য্যসূচীৰে  "ৰবি কৰ্মশালা ২০২৫"ৰ আয়োজন কৰা হয়। 

author-image
Asomiya Pratidin
New Update
DSDSDSD

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসমত ৰবি শস্যৰ উৎপাদন বৃদ্ধিৰ বাবে শনিবাৰে কৃষি বিভাগ, অসমৰ উদ্যোগত খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত দিনযোৰা কাৰ্য্যসূচীৰে  "ৰবি কৰ্মশালা ২০২৫"ৰ আয়োজন কৰা হয়। 

নতুন প্ৰযুক্তিৰ ব্যৱ্হাৰৰ জৰিয়তে অসমৰ  কৃষি খণ্ডক উন্নয়নৰ  শিখৰত উপনীত কৰাৰ বাবে কৃষি মন্ত্ৰী অতুল বৰাই গ্ৰহণ কৰা পদক্ষেপ আৰু নিৰ্দেশমৰ্মে এই কৰ্মশালাত ৰাজ্যত ৰবি শস্যৰ উৎপাদন বৃদ্ধি কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হয়। গ্ৰাম্য অৰ্থনীতিৰ ভেটি সুদৃঢ়কৰণেৰে কৃষকসকলৰ কল্যাণ সাধনৰ বাবে বিভাগীয় বিষয়াসকলক পৰামৰ্শ আগবঢ়ায় কৃষি বিভাগৰ আয়ুক্ত সচিব আৰু কৃষি উৎপাদন আয়ুক্ত অৰুণা ৰাজ’ৰিয়াই। লগতে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আৰু পুষ্টি অভিযানৰ অন্তৰ্গত বিভিন্ন সুবিধাসমূহ কৃষকক উপলব্ধ কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ কথাও উল্লেখ কৰে।

WhatsApp Image 2025-08-31 at 3.48.00 PM (1)

ইফালে, জলবায়ুৰ তাৰতম্যৰ ফলত সময়ে সময়ে কৃষকৰাইজে দুৰ্ভোগ ভূগিব লগা হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰশিক্ষণ কাৰ্যসূচীত বতৰৰ আগলি বতৰাৰ বাবে বতৰ বিভাগৰ “মৌচম” এপ ইনষ্টল কৰাৰ লগতে ইযাৰ জৰিয়তে কৃষকসকল কি দৰে উপকৃত হব এই সন্দৰ্ভত অৱগত কৰে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ মুখ্য বতৰ  বিজ্ঞানী কে. এন মোহনে। 

আনহাতে, ৰাজ্যৰ পৰিবেশ তথা মাটিৰ বাবে উপযোগী ৰবি শস্যৰ বীজ উৎপাদনৰ ক্ষেত্ৰত কৃষি গৱেষণা কেন্দ্ৰৰ বিজ্ঞানীসকলে বৰ্তমান উদ্ভাৱন কৰা ধান, আলু  আদিৰ উন্নত মানৰ বীজ আৰু ইয়াৰ পৰা হোৱা বৰ্ধিত উৎপাদন সন্দৰ্ভত বিশদভাৱে উল্লেখ কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা কেন্দ্ৰৰ সঞ্চালক ড° সঞ্জয় চেতিয়াই। 

WhatsApp Image 2025-08-31 at 3.48.00 PM

একেদৰে, ৰাজ্যত উদ্যান শস্যৰ সম্ভাৱনীয়তা আৰু উৎপাদনশীলতাৰ কথা উল্লেখ কৰি জলবায়ুৰ পৰিবৰ্তনৰ বাবে বৰ্তমান উদ্যান শস্যৰ উৎপাদনৰ সময়ো সলনি কৰাৰ প্ৰায়োজন আহি পৰিছে বুলি উল্লেখ কৰে উদ্যানশস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ৰ সঞ্চালক নৃপেন দাসে। এইক্ষেত্ৰত তেওঁ সফলভাবে উৎপাদন কৰা আৱতৰীয়া জাৰ্বেৰা, নাৰ্জী, ৰজনীগন্ধা ফুলৰ লগতে বিলাহী, ধনিয়া আদিকে ধৰি অন্যান্য উদ্যান শস্যৰ উদাহৰণ আগবঢ়ায়। 

এই কৰ্মশালাত মূলতঃ ৰবি শস্য উৎপাদন বৃদ্ধি, গুণগত মানৰ বীজ ব্যৱস্থা, জিলা ভিত্তিক কৃষি পৰিকল্পনা, কৃষি মেপাৰ এপ, ডিজিটেল ক্ৰপ চাৰ্ভে, ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন, ধান, সৰিয়হ  ক্ৰয়ৰ ক্ষেত্ৰত  থকা ব্যৱস্থা আৰু সমস্যা দূৰীকৰণ,  বীজ প্ৰমাণীকৰণ, কৃষি যান্ত্ৰিকীকৰণ আৰু জলসিঞ্চন ব্যৱস্থা, সাৰ ক্ৰয়ৰ ক্ষেত্ৰত Point of Sale (PoS) যন্ত্ৰৰ প্ৰয়োগ, পোক - পতংগ নিয়ন্ত্ৰণ, আধুনিক কৃষি প্ৰযুক্তিৰ প্ৰসাৰ আদি সম্পৰ্কে বিস্তৃত আলোচনা কৰা হয়।

WhatsApp Image 2025-08-31 at 3.48.01 PM

কৰ্মশালাত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুৎ চন্দন ডেকা  , কৃষি বিভাগৰ সঞ্চালক ডাঃ পি উদয় প্ৰবীণ, সচিব তেজপ্ৰসাদ ভূষাল, যুটীয়া সচিব গুণজিৎ কাশ্যপ, যুটীয়া সচিব তথা অসম বীজ নিগম পৰিসীমিতৰ পৰিচালন সঞ্চালক বিপুল দাসৰ লগতে ৰাজ্যৰ প্ৰতিখন জিলাৰ জিলা কৃষি বিষয়াসকল, কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশেষজ্ঞসকল, অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষকসকলৰ লগতে সংশ্লিষ্ট বিষয়ৰ বিষয়াসকল উপস্থিত থাকে।

কৃষি বিষয়া কৃষি বিভাগ কৃষি বিজ্ঞান কৃষি অৰ্থনীতি অসম কৃষি বিশ্ববিদ্যালয় কৃষি