ডিজিটেল সংবাদ, বৰমা : এতিয়া কৃষ্ণ ভক্তিৰসেৰে উখল-মাখল হৈ পৰিছে প্ৰথম বাৰ্ষিক বৃহত্তৰ ৰাস মহোৎসৱ বৰমা ৷ ১৫ নবেম্বৰৰ পৰা সাতদিনীয়া কাৰ্য্যসূচীৰে বৰমাৰ বুকুৰে ৱৈ যোৱা মৰা পাগলদিয়া নৈৰ পাৰত আৰম্ভ হোৱা বৃহত্তৰ ৰাস মহোৎসৱত উৎসাহ উদ্দীপনা ভৰি পৰা পৰিলক্ষিত হৈছে ৷
বৰমাৰ সোমাজেৰে ৱৈ যোৱা মৰাপাগলদিয়া নৈ দাঁতিত স্থাপন কৰা মৃন্ময় মুৰ্তিয়ে ভক্তপ্ৰাণ ৰাইজক আপ্লুত কৰিছে ৷ প্ৰথমাৱস্থাৰ পৰাই ৰাইজৰ যথেষ্ট সহযোগিতাৰে অংশগ্ৰহণ কৰা দেখা গৈছে এই ৰাসত ৷
ৰাসৰ কাৰ্যসূচীতে অসম বাণী কাকতৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক দিলীপ চন্দনে স্মৃতিগ্ৰন্থ “কানাই“ উন্মোচন কৰে ৷ স্মৃতিগ্ৰন্থ উন্মোচন কৰি তেওঁ কয় যে বৰমা অঞ্চলত এইবাৰৰপৰা ৰাস উৎযাপনে ৰাইজক ভক্তিৰসেৰে উপচাই দিব ৷ সময়ৰ লগে লগে বৰমা পুৰ্বতকৈ উন্নত হোৱাৰ পিনে অগ্ৰসৰ হৈছে ৷ বৰমা ৰাইজৰ এনে প্ৰয়াসে নতুন প্ৰজন্মক উৎসাহ যোগাব বুলিও কয় দিলীপ চন্দনে ৷
ইয়াৰ লগতে বৰমা নিবাসী নৃপেন্দ্ৰ নাথ শৰ্মাৰ তিনিখন গ্ৰন্থও উন্মোচন কৰে ৷ কাৰ্য্যসূচী অনুসৰি আয়তীৰ দিহা নাম প্ৰতিযোগিতা, লোকগীত প্ৰতিযোগিতা, আধুনিক একক নৃত্য প্ৰতিযোগিতা, আধুনিক গীত প্ৰতিযোগিতা ( অসমীয়া আৰু বড়ো ) অনুষ্ঠিত হয় ৷
ৰাস মহোৎসৱৰ তৃতীয় দিনটোত সন্ধিয়াৰ সময়ত লোকে লোকাৰণ্য হৈ পৰে বৰমাৰ ৰাস মহোৎসৱস্থলী । বহু দূৰ দূৰণিৰ পৰা আহিছে ভক্তপ্ৰাণ ৰাইজ । ৭ দিনীয়া বৰ্ণাঢ্য ৰাস মহোৎসৱত ভাওনা, সাংস্কৃতিক অনুষ্ঠান, লোক সংস্কৃতিৰ বিভিন্ন অনুষ্ঠানৰো আয়োজন কৰা হ'ব বুলি আয়োজক সমিতিয়ে জনায় ।
উল্লেখ্য যে বৰমা বৃহত্তৰ ৰাস মহোৎসৱ যাতে অনাগত দিনলৈ চলি থাকে সেই উদ্দেশ্য আগত ৰাখি বৃহত্তৰ বৰমা অঞ্চলৰ ব্যক্তিসকলৰ পৰা স্থায়ী সদস্যৰ অন্তৰ্ভুক্ত কৰিছে ৷