ৰাজস্থান ৰয়েলছৰ ব্যতিক্ৰমী সংবাদমেলঃ সাংবাদিকৰ ৰূপত কেইবাগৰাকীও উদীয়মান ক্ৰিকেটাৰ

আইপিএল ফ্ৰেঞ্চাইজি ৰাজস্থান ৰয়েলছে এক ব্যতিক্ৰমী সংবাদমেল আয়োজন কৰি ক্ৰীড়াজগতত নতুন দৃষ্টান্ত দাঙি ধৰে।

author-image
Asomiya Pratidin
New Update
GERTERERERWW

ডিজিটেল ডেস্কঃ আইপিএল ফ্ৰেঞ্চাইজি ৰাজস্থান ৰয়েলছে এক ব্যতিক্ৰমী সংবাদমেল আয়োজন কৰি ক্ৰীড়াজগতত নতুন দৃষ্টান্ত দাঙি ধৰে। ফ্ৰেঞ্চাইজিৰ নতুন অধিনায়ক ৰিয়ান পৰাগে সম্বোধন কৰা এই বিশেষ ‘কেপ্টেইন’ছ মিট’ত সাংবাদিকৰ ৰূপত দেখা যায় কেইবাজনো প্ৰতিভাৱান শিশু, কিশোৰক।

সাধাৰণতে দেখা পোৱা আনুষ্ঠানিক প্ৰেছ সন্মিলনৰ পৰিৱৰ্তে এই সংবাদমেলত সাংবাদিকৰ আসনত বহে ৰাজস্থান ৰয়েলছ একাডেমীৰ কেইবাজনো উদীয়মান ক্ৰিকেটাৰ, কাহিনী কথক। কৌতূহল আৰু আত্মবিশ্বাসেৰে ভৰা যুৱ প্ৰতিভাসমূহে নতুন অধিনায়কক সুধে—নেতৃত্বৰ অনুভৱ কেনেকুৱা, চাপ কেনেদৰে নিয়ন্ত্ৰণ কৰা হয়, দলক আগুৱাই নিয়াৰ দৃষ্টিভংগী কি। আন্তৰিকতা আৰু সৰল ভাষাৰে উত্তৰ দি ৰিয়ান পৰাগে এই সংবাদমেলক অধিক আকৰ্ষণীয় কৰি তোলে।

হাস্য-ৰস আৰু বিভিন্ন গুৰুত্বপূৰ্ণ আলোচনাৰে ভৰা এই সংবাদমেলত কেৱল আনুষ্ঠানিকতা নাছিল; ই আছিল ভৱিষ্যতৰ কণ্ঠসমূহক আগবঢ়োৱাৰ এক প্ৰতীকী পদক্ষেপ। ৰাজস্থান ৰয়েলছে জনায় যে, তেওঁলোকৰ লক্ষ্য কেৱল প্ৰতিভাশালী ক্ৰিকেটাৰ গঢ়ি তোলা নহয়, বৰং ভৱিষ্যতৰ চিন্তক, নেতা আৰু স্বপ্নদ্ৰষ্টা তৈয়াৰ কৰাও।

এই অভিনৱ ধাৰণাৰ বিষয়ে মন্তব্য কৰি ফ্ৰেঞ্চাইজিটোৰ মুখ্য পৰিচালনা বিষয়া আলোক চিত্রে সদৰী কৰে যে, 'উদ্ভাৱন কেৱল খেলপথাৰতেই সীমাবদ্ধ নহয়; ই অনুৰাগীৰ সৈতে কেনেকৈ সংযোগ স্থাপন কৰোঁ তাৰ ওপৰতো বিস্তৃত। অধিনায়কৰ সংবাদমেল প্ৰতিটো ছিজনতে এটা মাইলৰ খুঁটিৰ মুহূৰ্ত, এইবাৰ আমি ইয়াক নতুন ৰূপ দিব বিচাৰিলোঁ, য’ত যুৱ সমৰ্থকসকলক কেন্দ্ৰবিন্দুত ৰখা হৈছে। ভবিষ্যতৰ কণ্ঠসমূহক আগবঢ়োৱাই দিয়াটোৱে আমাৰ মূল লক্ষ্য।” এই ব্যতিক্ৰমধৰ্মী সংবামেল খনে ক্ৰীড়া জগতত ব্যাপক চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে। 

ৰিয়ান পৰাগ