৫০০ ৰো অধিক বিশ্ব নেতৃত্বৰ উপস্থিতিত ৰাণী এলিজাবেথ দ্বিতীয়ৰ শেষকৃত্য অনুষ্ঠান...

ভাৰতৰ পৰা ৰাষ্ট্ৰপতি দৌপ্ৰদী মুৰ্মুৰ অংশগ্ৰহণ

author-image
Asomiya Pratidin
New Update
৫০০ ৰো অধিক বিশ্ব নেতৃত্বৰ উপস্থিতিত  ৰাণী এলিজাবেথ দ্বিতীয়ৰ শেষকৃত্য অনুষ্ঠান...

ELIZABETH II

ডিজিটেল ডেস্কঃ বৃটেইনৰ দীৰ্ঘকালৰ ৰাণী এলিজাবেথ দ্বিতীয়ৰ আজি শেষকৃত্য অনুষ্ঠান সম্পন্ন হ'ব। ৰাজকীয় সম্মানেৰে ৰাণী এলিজাবেথনক আজি শেষ বিদায় জনোৱা অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ইতিমধ্যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ বহু বিশিষ্ট ব্যক্তিও উপস্থিত হৈছেগৈ। ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুও ইতিমধ্যে বৃটেইনত উপস্থিত হৈছেগৈ।

Advertisment

ৰাণী এলিজাবেথৰ শেষকৃত্য অনুষ্ঠান সম্পন্ন কৰা হ'ব ৱেষ্টমিনিষ্টাৰ এবেত। ইতিমধ্যে ৪ দিন ধৰি ৰাণীৰ নশ্বৰ দেহ এই ৱেষ্টমিনিষ্টাৰ এবেত ৰখা হৈছে। উল্লেখ্য যে বৃটিছ ৰাজপৰিয়ালৰ পৰম্পৰা অনুসৰি এই ৱেষ্টমিনিষ্টাৰ এবেতেই ৰাজপৰিয়ালৰ সদস্যসকলক মুকুট পিন্ধাই অহা হৈছে।

এই পৰম্পৰা অব্যাহত আছে ১০৬৬ চনৰ পৰা। এই ৱেষ্টমিনিষ্টাৰ এবতেই বৃটিছ ৰাজপৰিয়ালৰ সদস্যক ৰাজমুকুট পৰিধান কৰোৱাই শেষকৃত্য সম্পন্ন কৰা হয়। ৰাণী এলিজাবেথ দ্বিতীয়ৰো ৰাজ অভিষেক হৈছিল এই ৱেষ্টমিনিষ্টাৰ এবতেই। ইয়াতেই এতিয়া শেষকৃত্য সম্পন্ন কৰা হ'ব তেওঁৰ।

ৰাণী এলিজাবেথৰ শেষকৃত্য সম্পন্ন অনুষ্ঠানত সমগ্ৰ বিশ্বৰে প্ৰায় ৫০০ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। এই প্ৰতিনিধিসকলৰ ভিতৰত আছে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন, কানাডাৰ ৰাষ্ট্ৰপতি জাষ্টিন ট্ৰুড', শ্ৰীলংকাৰ ৰানিল উইক্ৰেমসিংহ, পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ, নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্দাৰ্ন, ইউৰোপীয় সংঘৰ সভাপতি উৰ্ছালা ভন ডেৰ লেয়েন, তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰাজাব টাইয়প এৰদোগানে আদি।

ৰাণী এলিজাবেথ দ্বিতীয়ৰ শেষকৃত্য অনুষ্ঠানৰ সময়ত দুই মিনিট সময় মৌন প্ৰাৰ্থনাৰে তেওঁৰ আত্মাৰ সদগতি কামনা কৰিব। এই শেষকৃত্য অনুষ্ঠানত অংশগ্ৰহণ কৰিব বৃটেইনৰ সাধাৰণ নাগৰিকেও। লণ্ডনৰ মাজেৰে পাৰ হৈ যোৱা সমদলত অংশগ্ৰহণ কৰিব অজস্ৰ লোকে। আনহাতে শেষকৃত্য অনুষ্ঠান টেলিভিছনৰ জৰিয়তেও সম্প্ৰচাৰ কৰা হ'ব।

ইফালে ৰাণীৰ মৃত্যুত বৃটেইনত ঘোষণা কৰা হৈছে ৰাষ্ট্ৰীয় শোক। এই সময়ছোৱাত সকলো ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ থকাৰ উপৰিও বহু কাকতৰ আউটলেট বন্ধ ৰখাৰ কথা।

মন কৰিবলগীয়া যে, বৃটেইনত ১৯০১ চনৰ পৰা ৰাজপৰিয়ালৰ শেষকৃত্য অনুষ্ঠানৰ নিয়মলৈ কিছু পৰিৱৰ্তন আহে। বৃটেইনত গণতান্ত্ৰিক ব্যৱস্থা অধিক জনপ্ৰিয় হৈ পৰাৰ পৰিলক্ষিতত ৰাজপৰিয়ালৰ জনপ্ৰিয়তা যাতে হ্ৰাস নপায় তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হয়।