
১. কামৰূপৰ IS অফিচত কামৰূপ আৰক্ষীৰ বৃহৎ অভিযান । এইবাৰ MONEY FOR JOB নহয় এইবাৰ MONEY FOR RESULT । মেট্ৰিকত ভাল ৰিজাল্ট দিয়াৰ নামত বৃহৎ ধনৰ লেনদেন । ধনৰ বিনিময়ত প্ৰথম বিভাগ,ষ্টাৰ, ডিষ্টিংচন, স্থান নিৰ্ধাৰন মেট্ৰিক পৰীক্ষাৰ । হাইষ্কুৰ শেহান্ত পৰীক্ষাৰ ফলাফল ঘোষনাৰ পূৰ্বে মূল্যয়নৰ ক্ষেত্ৰত বিয়াগোম কেলেংকাৰী । কামৰূপ জিলা ষ্কুল সমূহৰ পৰিদৰ্শকৰ কাৰ্য্যালয়ত ৪ঘন্টা ধৰি অভিযান কামৰূপ আৰক্ষীৰ।
২. হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বৃহৎ কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগত গৰৈমাৰীৰ পৰা এগৰাকী অধ্যক্ষৰ সৈতে প্ৰধান শিক্ষক এগৰাকীক ছয়গাঁও আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে৷ জানিব পৰামতে ছয়গাঁও আৰক্ষীয়ে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত বৃহৎ কেলেংকাৰীৰ বিৰুদ্ধে গৰৈমাৰীত শণিবাৰে অভিযান চলায়৷ আৰক্ষীৰ অভিযানকালত মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আক্কাছ আলী আহমেদ আৰু গৰৈমাৰী আঞ্চলিক ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দোস্ত হাবিবুৰ ৰহমানক আটক কৰা বুলি জনা গৈছে৷
৩. ক'ভিড মহামাৰীত মৃত্যু হোৱা স্বামীহাৰা বিধৱা লোকসকলক মুখ্যমন্ত্ৰীৰ ক'ভিড- ১৯ বিধৱা সাহাৰ্য্য আচঁনিৰ অধীনত এক কালীন সাহাৰ্য্য দিয়াৰ উপলক্ষে শনিবাৰে ধেমাজি উপায়ুক্ত কাৰ্য্যালয়ৰ সভা গৃহত এখনি সভা অনুষ্ঠিত হয় ৷ পুৱা ১১ বজাত অনুষ্ঠিত হোৱা চেক বিতৰণী সভাখনৰ আতঁধৰে ধেমাজি জিলাৰ উন্নয়ন আয়ুক্ত দিপাংকৰ দাসে ৷
৪. শনিবাৰে হোজাই জিলাৰ উপায়ুক্ত কার্যালয়ৰ সভাকক্ষত আয়োজিত এক অনুষ্ঠানত ভাগ লয় হোজাই জিলাৰ অভিভাৱক মন্ত্রী তথা অসম চৰকাৰৰ বন, পৰিৱেশ আৰু আৱকাৰীবিভাগৰ মন্ত্ৰী শুক্লবৈদ্যই। মুখ্যমন্ত্রী কোভিড ১৯ বিধৱা সাহায্য আচঁনিৰ অধীনত কভিড-১৯ত আক্ৰান্ত হৈ স্বামীয়ে মৃত্যুবৰণ কৰা ৩১ গৰাকী বিধৱা মহিলালৈ ২.৫০ লাখ টকাৰ এককালীন আর্থিক সাহায্য আগবঢ়ায় মন্ত্ৰী গৰাকীয়ে।
৫. ঢকুৱাখনা বাসীৰ সুদীর্ঘ ৭ দশক কালজোৰা জটিল সমস্যা এটাই স্থায়ী সমাধানৰ দিশে ধাৱমান হৈছে। ঢকুৱাখানা বাসীৰ আৰ্থ সামাজিক বিকাশত প্ৰভূত অৱদান জড়িত হৈ থকা সমস্যাটোৱে বিগত কেইবা দশক ধৰি জুলুকা জুলুকে পানী খুৱাই আহিছিল সাধাৰন জনতাক। মহকুমাটোৰ বিভিন্ন অৰাজনৈতিক, ৰাজনৈতিক আৰু সামাজিক সংগঠণে বিগত প্ৰায় দুটা দশক ধৰি ৰাজ্য চৰকাৰ, জনপ্ৰতিনিধিক ঘূণাসুঁতি গড়কাপ্তানী পথটো অস্তিত্বহীন অৱস্থাৰ পৰা পুনৰুদ্ধাৰ কৰি ৰাজ্যিক পথলৈ উন্নীত কৰনৰ দাবী জনায় আহিছিল।
৬. মহানগৰীৰ চানমাৰীস্থিত অসমীয়া প্ৰতিদিনৰ মুখ্য কাৰ্যালয়ৰ সমীপত ৰে'ল লাইনত উদ্ধাৰ বিয়লি উদ্ধাৰ হয় অচিনাক্ত মহিলাৰ মৃতদেহ। আনুমানিক প্ৰায় ৩৮ বছৰীয়া মহিলাগৰাকীৰ মৃতদেহটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি খবৰ দিয়ে চানমাৰী আৰক্ষীক।
৭. ওদালগুৰি জিলাৰ ৰৌতা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ১৪ খনকৈ চুৰি মটৰ চাইকেল। গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ৰৌতা আৰক্ষীয়ে তথ্য লাভ কৰিছিল ৰৌতা থানাৰ অন্তৰ্গত এলেকাৰ ভিন্ন স্থানত চুৰি মটৰ চাইকেলৰ বেহা অব্যাহত আছে। তেনে খবৰৰ ভিত্তিত আৰক্ষীয়ে এজন লোকৰ হতুৱাই সন্দেহজনক বাইক চোৰৰ পৰা বাইক ক্ৰয়ৰ নাটক ৰচিছিল। ফলত উক্ত প্ৰক্ৰিয়াৰ দ্বাৰা চুৰি বাইক বিক্ৰী কৰিবলৈ আহি থকা অৱস্থাত কালি ৰৌতা চাৰিআলিৰ পৰা এটা বাইক চোৰক গ্ৰেপ্তাৰ কৰে ৰৌতা আৰক্ষীয়ে।
৮. ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰত অসমীয়া প্ৰতিদিনৰ সংবাদ কৰ্মীৰ বিয়োগত শোকৰ বন্যা৷যোৱা বুধবাৰৰ পৰা মৃত্যুৰ সৈতে যুঁজি অৱশেষত হাৰ মানিলে ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰৰ সংবাদ কৰ্মী লক্ষ্য বায়ন।জানিব পৰা মতে যোৱা বুধবাৰে তেওঁৰ ঘৰৰ পৰা তেওঁৰ কৰ্মস্থলী "অসমীয়া প্ৰতিদিন" কাকত ৰ কাৰ্যালয়লৈ গৈ থকা সময়ত কুকুৰমাৰাত এক পথ দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত হৈ জি এম চি এইছত চিকিৎসাধীন হৈ আছিল 'অসমীয়া প্ৰতিদিন'ৰ সংবাদকৰ্মী লক্ষ্য বায়ন।
৯. বিধান সভাৰ অধিৱেশনৰ চলি থকাৰ সময়তে মঙলদৈতে শনিবাৰে দৰং কংগ্ৰেছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। জিলা কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনৰ পৰা এই ধৰ্ণা কাৰ্যসূচীৰ অংশ হিচাপে প্ৰতিবাদী সমদল উলিয়াবলৈ চেষ্টা কৰিছিল যদিও কোভিড প্ৰট'ক'লৰ বাবে প্ৰশাসনে বাধা আৰোপ কৰে। শেষত দৰং কংগ্ৰেছে ৰাজীৱ ভৱনৰ সন্মুখতে কাৰ্যসূচী ৰূপায়ন কৰে।
১০. দেশ তথা ৰাজ্যত পেট্ৰল, ডিজেল, ৰন্ধন গেছ আৰু অত্যাৱশকীয় সামগ্ৰীৰ মুল্য বৃদ্ধিকলৈ শনিবাৰে হাটশিঙিমাৰীত ধাৰাসাৰ বৰষুণৰ মাজতে দক্ষিণ শালমাৰা-মানকাচৰ জিলা কংগ্ৰেছ ঘোঁৰাৰ গাড়ীত উঠি হাতে হাতে প্লে'কাৰ্ড লৈ জিলা উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদৰ পাছত উপায়ুক্তৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে।