
১. অসমত পুনৰ ১৯৩জন কোৰোনাত আক্ৰান্ত। ইয়াৰে ১০৩জন কামৰূপ মেট্ৰ'ৰ, ২১জন যোৰহাটৰ , ৯জন কাচাৰৰ আৰু ৭জন নগাঁৱৰ। এতিয়ালৈকে অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৬০২৯০৫জনলৈ পাইছে বৃদ্ধি। ইফালে, শনিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৩২৪জন লোক। আনহাতে, উক্ত দিনটোত অসমত কোৰোনাত আক্ৰান্ত ১জনৰ মৃত্যু। উল্লেখ্য যে, অসমত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২৮৩৯জন ৰোগী।
২. ৰাজ্যত অনুষ্ঠিত হবলগীয়া উপ নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে ইউপিপিএল দল । কোকৰাঝাৰত আজি ইউপিপিএল দলে বিটিআৰৰ দুটা সমষ্টিৰ বাবে দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ৷ ইয়াৰে ২৮ নং গোসাঁইগাঁও বিধানসভা সমষ্টিৰ বাবে এবছুৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক তথা বিটিচিৰ প্ৰাক্তন এমচিএল জিৰন বসুমতাৰীক আৰু ৫৮ নং তামোলপুৰ বিধানসভা সমষ্টিত জলেন দৈমাৰীক প্ৰাৰ্থীত্ব হিচাপে প্ৰক্ষেপ কৰিছে ৷আজি কোকৰাঝাৰ বডোফা নগৰস্থিত ইউপিপিএল দলৰ মুখ্য কাৰ্যালয়ত দলৰ কাৰ্যকাৰী সভাপতি ৰৌনগৌড়া নাৰ্জাৰীয়ে এক সংবাদমেল যোগে ইউপিপিএল প্ৰাৰ্থীত্বৰ কথা ঘোষণা কৰি বিটিআৰৰ দুয়োটা সমষ্টিতে ইউপিপিএলৰ প্ৰাৰ্থী নিশ্চিতভাৱে জয়ী হব বুলি দাবী কৰিছে ৷
৩. প্ৰয়াত বিশিষ্ট সাংবাদিক তথা একালৰ প্ৰখ্যাত তাৰ্কিক পৰাগ কুমাৰ দাসৰ সোঁৱৰণত অনুষ্ঠিত কৰি অহা হৈছে সদৌ অসম তৰ্কি প্ৰতিযোগিতা। বিশিষ্ট সাংবাদিক গৰাকীৰ সোঁৱৰণত ১৯৯৭চনৰে পৰা নিয়মীয়াকৈ অনুষ্ঠিত হৈ অহা এই তৰ্ক প্ৰতিযোগিতাখন এই বছৰেই অন্তিমবাৰলৈ অনুষ্ঠিত হ'ব। ২০২২ বৰ্ষৰ পৰা এই তৰ্ক প্ৰতিযোগিতাখনৰ পৰিবৰ্তে বিশিষ্ট সাংবাদিকজনৰ সোঁৱৰণত অনুষ্ঠিত হ'ব একোটা বাৰ্ষিক বক্তৃতানুষ্ঠান। সেই অনুসৰি অন্তিমবাৰলৈ এই ২৫ সংখ্যক পৰাগ কুমাৰ দাস সোঁৱৰ সদৌ অসম আন্তঃমহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতাখন অহা ২১ নবেম্বৰ দেওবাৰে দিনৰ এঘাৰ বজাৰ পৰা মহানগৰীৰ ৰবীন্দ্ৰ ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰাৰ বাবে আয়োজকে সিদ্ধান্ত গ্ৰহণ কৰিছে।
৪.নাৰায়ণপুৰৰ গামটৌত পথ দুৰ্ঘটনা। বাহনৰ খুন্দাত থিতাতে নিহত মটৰচাইকেল আৰোহী। নিহত মটৰচাইকেল আৰোহীজন মাঘনোৱাৰ পাপু দত্ত। দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ AR 01 M 2097।
৫. অসমৰ সংবাদজগতক অনন্য মাত্ৰা প্ৰদান কৰা সংবাদসূৰ্য তিলক হাজৰিকাৰ আজি শতবৰ্ষ জন্মজয়ন্তী। কেইবাটাও দশক অসমৰ সংবাদজগত তথা অসমীয়া সাংবাদিকতাক সমৃদ্ধ কৰি ৰখা তিলক হাজৰিকাৰ জন্মদিন উপলক্ষে সাদিন-প্ৰতিদিনৰ মুখ্য কাৰ্যালয়তো এক অনুষ্ঠানৰ জৰিয়তে সোৱৰণ কৰা হয় তেওঁক। অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই আঁত ধৰা এই অনুষ্ঠানটিত উপস্থিত থাকে অসমীয়া প্ৰতিদিন কাকতৰ প্ৰাক্তন সম্পাদক নিত্য বৰা, সাদিন, প্ৰতিদিন কাকতৰ কৰ্মচাৰীসকলৰ লগতে অসমীয়া প্ৰতিদিন আৰু প্ৰতিদিন টাইম ডিজিটেলৰ সংবাদকৰ্মীসকল।
৬. অসমত উপ-ৰাষ্ট্রপতি এম ভেংকায়া নাইডু। উপ ৰাষ্ট্ৰপতি গৰাকীয়ে গুৱাহাটীৰ পানবজাৰত উদ্বোধন কৰিলে 'Heritage Cum Cultural Center'। তাৰপাছত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত উদ্বোধন কৰিলে 'PET MRI' মেচিন। ৬২ কোটি টকা ব্যয়েৰে স্থাপন কৰা হৈছে 'PET MRI' মেচিনটো। চৰকাৰী খণ্ডত দেশৰ ভিতৰত প্রথম স্থাপন এই মেচিন। জিএমচিএইচৰ চিকিৎসক সকলৰ উপস্থিতিত বিশেষ অনুষ্ঠান অনুষ্ঠিত।
৭. মুখ্য ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ত হাজিৰ চক্র বিষয়া বৰেণ্য ৰঞ্জন বৰঠাকুৰক। তিনিদিনৰ বাবে দুৰ্নীতি নিবাৰক শাখাৰ জিম্মালৈ বৰেণ্য ৰঞ্জন বৰঠাকুৰক। চাৰিদিনৰ বাবে জিম্মাত বিচাৰিছিল দুৰ্নীতি নিবাৰক শাখাই। শনিবাৰে মহানগৰীৰ নিজ বাসগৃহৰ পৰা গ্রেপ্তাৰ কৰিছিল চক্র বিষয়াজনক। দুৰ্নীতি নিবাৰক শাখাই গ্রেপ্তাৰ কৰিছিল বৰেণ্য ৰঞ্জন বৰঠাকুৰক। গ্রেপ্তাৰ হোৱা লাট মণ্ডল গুলজাৰ হুছেইনৰ স্বীকাৰোক্তিৰ ভিত্তিত গ্রেপ্তাৰ কৰিছিল।
৮. মাজুলীত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ। দেওবাৰে নিমাতী কমলাবাৰী ফেৰীৰে বিয়লি ৪.১৫ বজাত মাজুলীত উপস্থিত হয় অখিল গগৈ। অখিল গগৈক আদৰণি জনাবলৈ মাজুলীৰ একাংশ ৰাইজৰ দলৰ সমৰ্থকে ফেৰী ঘাটত ভিৰ কৰেহি। অখিলে ফেৰী ঘাটত মিছিং নৃত্যৰ এটা দল আৰু ঢোল-পেঁপা লৈ সাজু হৈ থকা পৰিবেশ দেখি অসন্তুষ্টি প্ৰকাশ কৰে আৰু ফেৰীৰ পৰাই ঘূৰি যাম গৈ বুলি উল্লেখ কৰে। অখিল গগৈয়ে সাধাৰণ মানুহ মই সাধাৰণ ভাবেই আহিছোঁ ইয়াত আৰু সাংস্কৃতিক দল লৈ আদৰাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰে।
৯. বলিউডৰ জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰ্য়ান খানক গ্ৰেপ্তাৰ কৰিছে এনচিবিয়ে। শনিবাৰে মুম্বাইৰ সাগৰৰ পাৰত এখন ক্ৰুজ জাহাজত অভিযান চলোৱাৰ পাছত নাৰ্ক'টিকছ কন্ট্ৰল ব্যুৰ চমুকৈ এনচিবিয়ে গ্ৰেপ্তাৰ কৰে ২২ বছৰীয়া আৰ্য়ানক। শ্বাহৰুখ খানৰ পুত্ৰৰ লগতে ৭জনকো গ্ৰেপ্তাৰ কৰা হয়। এই খবৰ লাভ কৰাৰ পাছতে অভিনেতা গৰাকীয়ে নিজৰ অধিবক্তাৰ কাৰ্যালয়লৈ যোৱা পৰিলক্ষিত হৈছে।
১০. মায়ঙৰ বুঢ়াবুঢ়ীৰ এখন ফাৰ্মাচীত আৰক্ষীৰ অভিযান। ফাৰ্মাচীখনত ম্যাদ উকলি যোৱা ঔষধ বিক্রীৰ অভিযোগ। ফাৰ্মাচীখনৰ পৰা বৃহৎ পৰিমাণৰ ম্যাদ উকলি যোৱা ঔষধ জব্দ। ২০২০ চনতে ম্যাদ শেষ হৈ যোৱা ঔষধ বিক্রী। ফাৰ্মাচীখনৰ স্বত্বাধিকাৰ মুচাৰফ হুছেইনক আটক।