১. অসমত পুনৰ ৯৩৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ইয়াৰে ১৬৩জন কামৰূপ মেট্ৰ'ৰ, ৮১জন বৰপেটাৰ, ৫৯জন গোলাঘাটৰ, ৫৮জন যোৰহাটৰ। এতিয়ালৈকে অসমত ৫৭৭৯৭০জনলৈ বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্তৰ সংখ্যা। বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ১৩১০জন লোক। ইফালে, উক্ত দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত ১৭জনৰ মৃত্যু। এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৯০৮০জন ৰোগী।
২. অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰি অসমলৈ ঘূৰি আহিছে লাভলীনা বৰগোঁহাই। মহিলা বক্সাৰ গৰাকীক বৃহস্পতিবাৰৰ দিনটোত ৰাজভৱনত অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে ৰাজ্যপালৰ অধ্যাপক জগদীশ মুখীয়ে। গোমাচা, চেলেং চাদৰ, শৰাই আৰু ৫ লাখ টকাৰ চেক দি লাভলীনাক শুভেচ্ছা জ্ঞাপন ৰাজ্যপাল গৰাকীয়ে। ইফালে, টুইটাৰত ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে লিখিছে- 'গোলাঘাটৰ এখন গাঁৱৰ পৰা অলিম্পিকলৈ গৈ মেডেল অৰ্জন কৰি অহা লাভলীনাৰ এই যাত্ৰাই নৱপ্ৰজন্মক অনুপ্ৰাণিত কৰিছে। '
৩. স্বাধীনতা দিৱসৰ পূৰ্বে কাৰ্বি আংলং আৰক্ষীৰ বৃহৎ সাফল্য। বোকাজানত ২.১৭ কেজি পৰিমাণ ড্ৰাগছ জব্দ। অসম নাগালেণ্ডৰ সীমান্তৰ লাহৰিজানত এক বিশেষ সূত্ৰৰ পম খেদি জব্দ কৰে ড্ৰাগছখিনি। কম্বলৰ মাজত লুকুৱাই আনিছিল ১৫০ পেকেট ড্ৰাগছ। ড্ৰাগছ সৰবৰাহকাৰী এহাল নগা দম্পত্তিক আটক কৰে খটখটি আৰক্ষীয়ে। ধৃত ৰজি ৰেংমেই আৰু আংমা কামেইক আটক আৰক্ষীৰ। জব্দকৃত ড্ৰাগছ খিনিৰ বজাৰ মূল্য প্ৰায় ৬ কোটিতকৈ অধিক বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকে। ডিমাপুৰৰ পৰা অসমলৈ আনিছিল ড্ৰাগছখিনি।
৪. বৃহস্পতিবাৰে পুৱা গুৱাহাটী বিমানবন্দৰত আহি উপস্থিত হয় অসম গৌৰৱ লাভলীনা বৰগোহাঁই। অলিম্পিকত পদক লাভ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে অসমত ভৰি থৈছে লাভলীনাই। লাভলীনাক আদৰিবলৈ বিমানবন্দৰত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ক্ৰীড়া মন্ত্ৰী বিমল বৰা। উপস্থিত সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্ব। বিমানবন্দৰৰ পৰা লাভলীনাক বিশেষ বাহনেৰে লৈ যোৱা হয় হোটেল তাজ ভিভাণ্টালৈ।
৫. ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ই বৃহস্পতিবাৰে উৎক্ষেপন কৰিলে ই অ' এছ-০৩ উপগ্ৰহ। শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ দ্বিতীয় পৰীক্ষণ স্থলৰ পৰা এই উপগ্ৰহ উৎক্ষেপন কৰা হৈছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে এই উপগ্ৰহ উৎক্ষেপন সম্পূৰ্ণৰূপে সফল নহ'ল। এই সন্দৰ্ভত ইছৰোৰ মুব্বীগৰাকীয়ে কৈছে যে, ক্ৰয়'জেনিক ষ্টেজত হোৱা কাৰিকৰী বিজুতিৰ বাবে ইছৰোৰ জি এছ এল ভি এফ-১০/ই অ' এছ মিছন সম্পূৰ্ণৰূপে সফল নহ'ল। উল্লেখ্য যে এই উপগ্ৰহৰ জৰিয়তে বতৰ সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰাৰ লক্ষ্য ৰখা হৈছিল।
৬. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাকৰ্মীক প্ৰদান কৰা হৈছে বিশেষ ফোন। ৰাষ্ট্ৰীয় উদ্যানখনৰ নিৰাপত্তাৰ দিশটোক অধিক শক্তিশালী কৰি সুৰক্ষাকৰ্মীৰ হাতত প্ৰদান কৰা হৈছে ছেটেলাইট ফোন। উদ্যানখনৰ সুৰক্ষাকৰ্মীক প্ৰদান কৰা হৈছে ১১ টাকৈ ছেটেলাইট ফোন। ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰৰ হাতত প্ৰদান কৰিছে এই ১১ টা ফোন।
৭. দেশৰ ভিতৰতে আটাইতকৈ পৰিষ্কাৰ চহৰ হিচাপে চিহ্নিত হৈছে মধ্যপ্ৰদেশৰ ইন্দোৰ। পূৰ্বেও দেশৰ সৰ্বাধিক পৰিষ্কাৰ চহৰ হিচাপে চিহ্নিত হৈ আছিল ইন্দোৰ। কেন্দ্ৰীয় চৰকাৰে 'স্বচ্ছ সৰ্বেক্ষণ-২০২১' ৰ অধীনত ইন্দোৰক এই স্বীকৃতি প্ৰদান কৰা হৈছে। সমান্তৰালভাৱে ইন্দোৰ দেশৰ প্ৰথমখন 'ৱাটাৰ প্লাছ' চহৰ হিচাপে চিহ্নিত হৈছে। চহৰৰ বিভিন্ন স্থানৰ পৰা নিষ্কাষণ হোৱা প্ৰদূষিত পানী পৰিশোধন ব্যৱস্থা কৰাকে 'ৱাটাৰ প্লাছ' বুলি কোৱা হয়।
৮. হিমাচল প্ৰদেশৰ কিন্নোৰ জিলাত সংঘটিত হোৱা ভয়াবহ ভূমিস্খলন ঘটনাৰ পাছত নিৰুদ্দেশ হৈ থকা লোকৰ সন্ধান বৃহস্পতিবাৰেও অব্যাহত আছে। ৰাষ্ট্ৰীয় ঘাইপথৰ বাহনৰ ওপৰত পাহাৰৰ মাটি আৰু শিল খহি পৰাৰ ফলত কিন্নোৰত বহু কেইখন বাহন পাহাৰৰ মাটি আৰু শিলেৰে পোত যোৱাৰ লগতে বাহন কেইখনত থকা বহু ব্যক্তিও সন্ধানহীন হৈ আছিল। বূহস্পতিবাৰে চলোৱা উদ্ধাৰ অভিযানৰ সময়ত পাহাৰৰ মাটিয়ে পোতি পেলাৱা বাছখন উদ্ধাৰ কৰাৰ সময়ত তিনিটা মৃতদেহ উদ্ধাৰ হৈছে। ইয়াৰ লগে লগে এই ভূমিস্খলন ঘটনাত মৃতকৰ সংখ্যা বৰ্তমানলৈকে ১৩ জনলৈ বৃদ্ধি হৈছে।
৯. বিশ্ব হস্তী দিৱস। প্ৰতিবছৰে মানুহৰ মাজত এছিয়া আৰু আফ্ৰিকাৰ হাতীৰ দুৰ্দশাৰ প্ৰতি মনোযোগ আকৰ্ষণ আৰু সজাগতা বৃদ্ধিৰ বাবে ১২ আগষ্ট দিনটোক বিশ্ব হস্তী দিৱস হিচাপে পালন কৰি আহা হৈছে। ২০১২ চনৰ পৰা এই দিৱস পালন কৰি আহা হৈছে। ২০১৭ চনত ভাৰতত শেষবাৰৰ বাবে হাতীৰ গণনা কৰা হৈছিল। সেই সময়ৰ হাতীৰ গণনা অনুসৰি ভাৰতত মুঠ ৩০ হাজাৰ হাতী আছে কিন্তু ক্ৰমশঃ এই সংখ্যা হ্ৰাস পাই আহিছে।
১০. সমাগত স্বাধীনতা দিৱস। ১৫ আগষ্টত সমগ্ৰ দেশবাসীয়ে উদযাপন কৰিব ৭৫ সংখ্যক স্বাধীনতা দিৱস। এই বিশেষ দিনটোত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ শ্বহীদসকলক স্মৰণ কৰাৰ বাবে আহ্বান জনাইছে ১৯৪২ ৰ শ্বহীদ পৰিয়াল কল্যাণ সমিতিঃ অসমে। অসম বিধানসভাৰ প্ৰতিজন সদস্য, লোকসভাৰ সদস্য, চৰকাৰী কাৰ্যালয়ৰ মূৰব্বী, উপায়ুক্ত, দল-সংগঠন, বিদ্যালয়, মহাবিদ্যাল, বিশ্ববিদ্যালয়কে ধৰি সকলোকে ১৫ আগষ্টৰ দিনটোত শ্বহীদক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে শ্বহীদসকলৰ স্মৃতি চাৰণ সভা হিচাপে পালন কৰিবলৈ সমিতিয়ে আহ্বান জনাইছে।