১. অসমত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ২১৭৫৯৩জনলৈ পাইছে বৃদ্ধি
অসমত আকৌ ৮ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৭৫৯৩জনলৈ বৃদ্ধি পাইছে। অসমত বুধবাৰে ১৯জন লোক সুস্থ হয়। ৰাজ্যত এতিয়ালৈকে আৰোগ্য হোৱা লোকৰ সংখ্যা ২১৪৮৭৯জনলৈ পাইছে বৃদ্ধি। ইফালে, চিকিৎসাধীন হৈ আছে ২৭৪জন ৰোগী। উল্লেখ্য যে, অসমত এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ১০৯৩জন লোকৰ।
২. অথৰিটী লেটাৰ জাৰিৰ বাবে তথ্য আৰু জনসম্পৰ্ক সঞ্চালকৰ জাননী
অসম চৰকাৰৰ তথ্য আৰু জনসম্পৰ্ক সঞ্চালকে জাৰি কৰিছে এক বিশেষ জাননী। এই জাননীত সকলো সংবাদ গোষ্ঠীৰ মুখ্যমন্ত্ৰী তথা সম্পাদকক আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বিষয়াসকলৰ সৈতে অথৰিটী লেটাৰ জাৰি কৰাৰ বাবে স্বীকৃতিপ্ৰাপ্ত সাংবাদিকৰ তালিকা দাখিল কৰাৰ তালিকা প্ৰস্তুত কৰাৰ বাবে অনুৰোধ জনোৱা হৈছে।
কেন্দ্ৰীয় চৰকাৰে কোভিড ভেকচিন প্ৰদানৰ ব্যক্তিৰ সংখ্যা বৃদ্ধিৰ বাবে বিভিন্ন ধৰনৰ পদক্ষেপ গ্ৰহন কৰিছে । জনসাধৰণে নিজৰ সুবিধা অনুসৰি কোভিড ভেকচিন গ্ৰহন কৰিব পাৰিব । কোভিড ভেকচিন প্ৰদান কৰা কেন্দ্ৰ সমূহ ২৪ ঘন্টাই উপলব্ধ হোৱাৰ লগতে সপ্তাহৰ প্ৰতিটো দিনতে খোলা থাকিব । কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষ বৰ্ধনে এই ঘোষনা কৰে ।
কোৰোনা ভেকচিন ল'লে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে। দিল্লীৰ আৰ আৰ হস্পাতালত ললে ভেকচিন। ভেকচিনৰ প্ৰথমটো ড'জ গ্ৰহণ কৰিলে ৰাষ্ট্ৰপতিগৰাকীয়ে। উল্লেখ্য যে, দেশত বৰ্তমান দ্বিতীয় পৰ্যায়ৰ ভেকচিন প্ৰদান প্ৰক্ৰিয়া অব্যাহত আছে।
৫. মেঘালয়ৰ ৰাজ্যপাল সত্য পাল মালিকে ল'লে কোভিড ভেকচিন
মেঘালয়ৰ ৰাজ্যপাল সত্য পাল মালিকে ল'লে কোভিড ভেকচিন । চিলঙৰ এখন চিকিৎসালয় ৰাজ্যপাল গৰাকীয়ে লয় কোভিড ভেকচিন । কোভিড ভেকচিনৰ প্ৰথম ডোজ গ্ৰহন কৰে ৰাজ্যপাল গৰাকীয়ে । দেশত সৰ্ব সাধৰণ লোকৰ বাবে মুললি কৰা হৈছে কোভিড ভেকচিন প্ৰদান কাৰ্যসূচী । দেশত সপ্তাহৰ প্ৰতিটো দিনে ২৪ ঘন্টাই খোলা থাকিব ভেকচিন প্ৰদান কৰা কেন্দ্ৰ সমূহ ।
৬. অনুৰাগ কাশ্যম আৰু তাপসী পন্নুৰ বহু ঠিকনাত আয়কৰ বিভাগৰ অভিযান
বলিউডৰ পৰিচালক অনুৰাগ কাশ্যম আৰু অভিনেত্ৰী তাপসী পন্নুৰ মুম্বাই আৰু পুনেস্থিত বহু স্থানত অভিযান চলাই আয়কৰ বিভাগে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, এক চুৰি কাণ্ডৰ তদন্তৰ বাবে এই অভিযান চলোৱা হৈছে। মুম্বাই আৰু পুনেৰ ২০টা স্থানত আয়কৰ বিভাগে চলাই অভিযান।
ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে পলমকৈ হ'লেও সম্প্ৰদায়িক ফেচিবাদী শক্তি বিজেপিৰ মিত্ৰজোঁটক আগন্তুক বিধানসভা নিৰ্বাচনত পৰাস্ত কৰাৰ বাবে সকলো বিৰোধী শক্তি ঐক্যবদ্ধ হ'বলৈ আৰু বজেপিৰ মিত্ৰজোঁটৰ বিৰুদ্ধে এটা সমষ্টিত কেৱল এজন বিৰোধী প্ৰাৰ্থী থিয় কৰোৱাৰ বাবে জনোৱা আহ্বান ইতিবাছক যদিও এই বিজেপি বিৰোধী মহাজোঁটৰ পৰা এআইইউডিএফক বাহিৰত ৰখাৰ বাবে জনোৱা আহ্বানক নাকচ কৰিছে চিপিআই(এমএল)য়ে । এক প্ৰেছ বিবৃতি যোগে এই কথা জানিব দিয়ে চিপিআই(এমএল)য়ে ।
বকোৰ শাখাতিত পথ দুৰ্ঘটনা। অচিনাক্ত বাহনৰ খুন্দাত নিহত এজন বাইক আৰোহী। নিহত যুৱকজন ধুপধৰাৰ জিতু কুমাৰ ৰাভা। অচিনাক্ত বাহনখনৰ সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে।
৯. নতুন দিল্লীত বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক
নতুন দিল্লীত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মুখ্যমন্ত্ৰী সোণোৱালৰ লগতে উপস্থিত আছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ বাসভৱনত উপস্থিত হৈছে মুখ্যমন্ত্ৰী সোণোৱাল আৰু মন্ত্ৰী শৰ্মা। এক গুৰুত্বপূৰ্ণ দলীয় বৈঠকত অংশ লয় মন্ত্ৰীদ্বয়ে।
১০. ২০২১ৰ বিধানসভা নিৰ্বাচনঃ মৰিগাঁৱত জিলা প্রশাসনৰ প্রশিক্ষণ কাৰ্যসূচী
আসন্ন বিধান সভাৰ নিৰ্বাচনৰ বাবে সাজু উঠিছে মৰিগাঁও জিলা প্ৰশাসন। ইতিমধ্যে জিলা উপায়ুক্ত কার্যলয় ত ভাগে ভাগে বিভিন্ন পৰ্য্যায়ৰ বিষয়া কৰ্মচাৰী সকলক লৈ সভা আৰু প্ৰশিক্ষণ অনুষ্ঠিত কৰিছে। মৰিগাঁও জিলা প্ৰশাসনে আসন্ন ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ বাবে এলানি প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰিছে ।