পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ২১৭৫৭০জনলৈ বৃদ্ধি

অসমত আকৌ ৩৩জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৭৫৭০জনলৈ বৃদ্ধি। ইফালে, সুস্থ হয় ১৬জন লোক।  অসমত আৰোগ্য হোৱা লোকৰ সংখ্যা ২১৪৮৪৬জনলৈ পাইছে বৃদ্ধি। আনহাতে, ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২৮৪জন ৰোগী। উল্লেখ্য যে, অসমত মৃত্যু হোৱা লোকৰ সংখ্যা ১০৯৩জনলৈ বৃদ্ধি পাইছে।

২. আগন্তুক নিৰ্বাচনত ৰাজ্যত প্ৰাৰ্থীয়ে ব্যয় কৰিব পাৰিব সৰ্বাধিক ৩০.৮০ লাখ টকা

ৰাজ্যৰ বিধান সভাৰ দিন নিৰ্বাচন আয়োগে ঘোষণাৰ পিছতে তৎপৰ হৈ পৰিছে নিৰ্বাচন আয়োগ ।বিধানসভা নিৰ্বাচন সন্দৰ্ভত সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰা হয় । খানাপাৰাত অনুষ্ঠিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰে বিভিন্ন ৰাজনৈতিক দল, সংবাদ মাধ্যমৰ প্ৰতিনিধিয়ে। প্ৰাৰ্থীৰ নিৰ্বাচনী ব্যয়ৰ ওপৰত চোকা দৃষ্টি থাকিব নিৰ্বাচন আয়োগে। এজন প্ৰাৰ্থীয়ে সৰ্বাধিক ৩০ লাখ ৮০ হাজাৰ টকা ব্যয় কৰিব পাৰিব। প্ৰতিগৰাকী প্ৰাৰ্থীয়ে তিনিখন ৰেজিষ্টেৰ থাকিব লাগিব।

৩. নীল আকাশ বিবাহপাশত আৱদ্ধ

ৰাজ্যৰ এগৰাকী জনপ্ৰিয় কন্ঠশিল্পী নীল আকাশ আৱদ্ধ হ'ল বিবাহ পাশত । মাৰ্ঘেৰিটাৰ জীয়ৰী নেন্সী ফুকনৰ সৈতে বিবাহপাশত আৱদ্ধ হ'ল নীল । প্ৰায় ৫ বছৰ প্ৰেমৰ সম্পৰ্কৰ পাছত এইদৰে যুগ্মজীৱনৰ পাতনি মেলিলে শিল্পীজনে । টাই আহোমৰ চকলং পদ্ধতিৰে সম্পন্ন হ'ল নিশা বিবাহ কাৰ্য । আচুৰ্য বৰপাত্ৰ গোহাই হৈ আহিল ছাটি ধৰা ।

৪.  দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত প্ৰিয়ংকা গান্ধী

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী সোমবাৰে পুৱাই আহি বৰঝাৰ বিমান বন্দৰত আহি উপস্থিত হয়হি। বিমান বন্দৰত প্ৰিয়ংকা গান্ধীক কংগ্ৰেছ নেতৃত্বই উষ্ম আদৰণি জনায়।তাৰ পাছত বৰঝাৰৰ পৰা পোনে পোনে প্ৰিয়ংকা গান্ধী যায় মা কামাখ্যা মন্দিৰলৈ। কামাখ্যা মন্দিৰত আশীষ গ্ৰহণ কৰি প্ৰিয়ংকা গান্ধীয়ে কয়, এইবাৰ অসমত কংগ্ৰেছে ভাল ফলাফল লাভ কৰিব।

৫. কৰুণাকান্ত কলিতা স্মৃতি ন্যাস বঁটা ঘোষণা

অসমৰ সকলো কালৰ মহত্বম পুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ আদৰ্শত সুপ্ৰতিষ্ঠিত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰাক্তন পদাধিকাৰ কৰুণাকান্ত কলিতা বাপৰ স্মৃতি যুগমীয়া কৰাৰ অৰ্থে ২০১৪ চনত প্ৰতিষ্ঠা লাভ কৰিছিল "কৰুণাকান্ত কলিতা স্মৃতি ন্যাস।"। এই ন্যাসে অসমৰ সমাজ, সাহিত্য আৰু সংস্কৃতিলৈ আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে অনুষ্ঠান, ব্যক্তি বিশেষলৈ প্ৰতি দুবছৰৰ মূৰে মূৰে প্ৰদান কৰি আহিছে কৰুণাকান্ত কলিতা বঁটা আৰু কৰুণাকান্ত কলিতা সেৱক বটাঁ ।

৬. অখিল গগৈক সাক্ষাতৰ বাবে জিএমচিএইচত উপস্থিত লুৰীণজ্যোতি গগৈ

জি এম চি এইচক ৰাইজৰ দলৰ সভাপতি অখিল গগৈক সাক্ষাতৰ বাবে উপস্থিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ। দুয়োগৰাকী নেতা এক বৈঠকত মিলিত হব চিকিৎসালয়তে। এই সাক্ষাততে দুয়োটা দলৰ আসনৰ বুজাবুজিৰ ক্ষেত্ৰত হ'ব আলোচনা।

৭. যোৰহাটত কোভিডত আক্ৰান্ত চিকিৎসকৰ মৃত্যু

কোভিডত আক্ৰান্ত হৈ যোৰহাটত চিকিৎসকৰ মৃত্যু । কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱা চিকিৎসক জনৰ নাম ডাঃ অশ্বিনী দত্ত । চিকিৎসক জনৰ ঘৰ টীয়ক গুৱাল গাঁৱত বুলি জানিব পৰা গৈছে । পূৰ্বৰে পৰা কৰ্কট ৰোগত আক্ৰান্ত আছিল চিকিৎসক জন । চিকিৎসক জনৰ বয়স ৫৭ বছৰ । যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিতালত মৃত্যু হয় চিকিৎসক জন ।

৮. কুইপ'ৰ দুই অপহৃত কৰ্মচাৰী শীঘ্ৰেই ঘূৰি আহিব স্বগৃহলৈ

সফল পৰিসমাপ্তি ঘটিছে আলফা স্বাধীন আৰু কুইপ'ৰ মাজৰ আলোচনাৰ। অতি সোনকালে ঘূৰি আহিব কুইপ'ৰ দুই অপহৃত কৰ্মচাৰী প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰ। দুই পক্ষক ইতিবাচক দৃষ্টিৰে আগবাঢ়িছিল আলোচনা। কুইপ'-য়ে অসমৰ ৫ হাজাৰ অভিযান্ত্ৰিক স্নাতক যুৱকক দিব চাকৰি। এই আলোচনাৰ মধ্যস্থতাকাৰী কৌশিক ফুকনে জানিবলৈ দিলে এই তথ্য।

৯. বিশ্বনাথত সোমবাৰে নিশা কটাব প্ৰিয়ংকা গান্ধীয়ে

বিশ্বনাথত উপস্হিত হ'ল কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। বিশ্বনাথৰ পাৱাৰ গ্ৰীডৰ অতিথিশালাত নিশা কটাব কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। তাৰপাছত মঙলবাৰে পুৱা বিশ্বনাথৰ প্ৰতাপগড় চাহ বাগিছাত চাহ শ্ৰমিকৰ লগত কৰিব মত বিনিময়।

১০. মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ল'লে কোভিড ভেকচিন

ৰাজ্যৰ স্বাস্থ্য তথা বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ল'লে কোভিড ভেকচিন । জি এম চিএইচত কোভিড ভেকচিন গ্ৰহন কৰে মন্ত্ৰী গৰাকীয়ে । কোভিড ভেকচিনৰ প্ৰথম ডোজ গ্ৰহন কৰে মন্ত্ৰী গৰাকীয়ে । ৰাজ্যৰ ৪৫ বছৰৰ উৰ্ধৰ সকলোকে কোভিড ভেকচিন লোৱাৰ আহ্বান জনাই মন্ত্ৰী গৰাকীয়ে । সোমবাৰে ৰাতিপুৱা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও গ্ৰহন কৰিছিল কোভিড ভেকচিন ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in