
১. এছআই কেলেংকাৰীঃ আৰু দুই অভিযুক্তক গ্ৰেপ্তাৰ
উপ পৰিদৰ্শক পৰীক্ষাৰ কেলেংকাৰীত জড়িত আৰু দুই অভিযুক্তক গ্ৰেপ্তাৰ চিআইডিৰ। এছ.পি কুমাৰ সঞ্জিত কৃষ্ণৰ সহযোগী অমৰজ্যোতি লহকৰ আৰু দেহৰক্ষী দ্বীপজ্যোতি শালৈক গ্ৰেপ্তাৰ কৰা হয়। অমৰজ্যোতিয়ে সঞ্জিত কৃষ্ণই প্ৰশ্ন কাকত ফাদিলৰ বাবে লোৱা ৪০ লাখ টকাটো ৰাখিছিল আৰু দেহৰক্ষী দ্বীপজ্যোতিয়ে টকাখিনি অমৰজ্যোতিৰ ঘৰত দি থৈ আহিছিল৷ চিআইডিয়ে ইতিমধ্যে ৪০ লাখ টকাৰ ভিতৰত ১৮ লাখ টকাৰ তথ্য লাভ কৰিছে ৷
২. বুধবাৰে নিৰ্ধাৰণ কৰা হ'ব অসমসহ ৫খন ৰাজ্যৰ নিৰ্বাচনৰ তাৰিখ
বুধবাৰে নিৰ্ধাৰণ হ'ব অসম সহ ৫ৰাজ্যৰ নিৰ্বাচনৰ তাৰিখ। দিল্লীত নিৰ্বাচন আয়োগে আয়োজন কৰিছে এক বিশেষ বৈঠকৰ। এই বৈঠকতে বুধবাৰে লোৱা হ'ব চূড়ান্ত সিদ্ধান্ত। এই বৈঠকত উপস্থিত থাকিব নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচন আয়ুক্ত। ইতিমধ্যে অসম ভ্ৰমণ কৰিছে নিৰ্বাচন আয়োগে।
৩.দেশত বৃদ্ধি কোৰোনাৰ সংক্ৰমণ, প্রধানমন্ত্ৰী কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠক
দেশত কোৰোনা সংক্ৰমন বৃদ্ধি হৈছে । কোৰোনাৰ সংক্ৰমণ বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণো বৈঠক খনত উপস্থিত আছিল । দেশৰ কিছুমান ৰাজ্য বিশেষকৈ মহাৰাষ্ট্ৰ আৰু কেৰালাত শেহতীয়াকৈ কৰোনাৰ ঘটনা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত বৈঠকখন আহ্বান কৰা হয়।
৪. বকোত উদ্ধাৰ মেকানিকৰ মৃতদেহ
কামৰূপ জিলাৰ বকোত মঙলবাৰে এগৰাকী মটৰ চাইকেল মেকানিকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণী মতে বকো থানাৰ অন্তৰ্গত কাকাৰাবড়ী প্ৰাথমিক বিদ্যালয়ৰ কাষত এজন মানুহৰ মৃতদেহ দেখিবলৈ পাই স্হানীয় স্হানীয় ৰাইজে বকো আৰক্ষীক খবৰ দিয়ে । বকো আৰক্ষীয়ে মৃতদেহটো উত্তৰ গুৱাহাটীৰ মান্দাকাটাৰ ৰফিকুল ইছলাম বুলি চিনাক্ত কৰে ।জানিব পৰা মতে ৰফিকুল ইছলামে বকো বজাৰৰ বকো-পয়ৰেঙ্গা পথত গেৰেজ খুলি মটৰচাইকেল মেৰামতিৰ কাম কৰি আহিছিল ।
৫. মঙলদৈ গ্ৰন্থমেলা আৰম্ভ
মঙলদৈ প্ৰেছ ক্লাবৰ উদ্যোগত সদৌ অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সন্থাৰ সহযোগত ২৩ ফ্ৰেব্ৰুৱাৰীৰ পৰা ২৮ ফ্ৰেব্ৰুৱাৰী ২০২১ তাৰিখলৈ ছয় দিনীয়াকৈ মঙলদৈ প্ৰেছ ক্লাবৰ সন্মুখত জিলা পুথিভঁৰাল বাকৰিত মঙলদৈ গ্ৰন্থ মেলা ২০২১ আৰম্ভ হ'ল ৷ মঙ্গলবাৰে বিয়লি ৩ বজাত দৰং জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰাই দ্বাৰ উন্মোচন কৰি মুকলি কৰে গ্ৰন্থ মেলাৰ।
৬. ইন্ধনৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ
ইন্ধনৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে জনসাধাৰণৰ কণ্ঠক পথ দেখুৱাৰ উদ্দেশ্যে কংগ্ৰেছে মঙলবাৰে তৃতীয়দিনাও সমগ্ৰ অসমব্যাপী মূল্যবৃদ্ধিৰ প্ৰতিবাদ সাব্যস্ত কৰে।কংগ্রেছৰ জেষ্ঠ নেতৃত্বৰ লগতে আজি অসমবাসীয়ে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক প্ৰত্যক্ষ প্ৰশ্ন কৰিছে-"ইন্ধনৰ ইমান মূল্যবৃদ্ধিৰ পিছতো কিয় তেওঁলোকে নিমাত হৈ আছে?"
৭. ৰাজ্যত অব্যাহত গৰুৰ চোৰাং সৰবৰাহ, চিৰাঙত গৰু ভৰ্তি ট্ৰাকসহ তিনিজনক গ্ৰেপ্তাৰ
ৰাজ্যত এতিয়াও অব্যাহত আছে বহিঃৰাজ্যৰ পৰা গৰুৰ চোৰাং সৰবৰাহকাৰী চিণ্ডিকেট । মঙলবাৰে পুৱতি নিশা এক নিৰ্দিষ্ট সূত্ৰৰ পমখেদি চিদলী থানাৰ অন্তৰ্গত গৰুভাষা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শঙ্কৰ পাটগিৰিৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই চিৰাঙৰ গৰুভাষা-ছামঠাইবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত পান জপা দি গৰু আৰু মহ কঢ়িয়াই অনা এ এচ ০১ এল চি ৯৪১১ পঞ্জীয়ন নং থকা এখন ১৪ চকীয়া ট্ৰাক জব্দ কৰে ।
৮. বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে তদন্ত
২০১১-১৬ বৰ্ষৰ বিধায়ক উন্নয়ন পুঁজিৰ ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ। ইতিমধ্যে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে আৰম্ভ হৈছে তদন্ত। মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই আৰম্ভ কৰিছে বিধায়ক গৰাকীৰ বিৰুদ্ধে এই তদন্ত। যোৰহাটত বাহৰ পাতিছে ৪-৫জনীয়া তদন্তকাৰী এটা দলে। ডিচিৰ কাৰ্যালয়ৰ পৰা তদন্তকাৰী দলটোৱে ইতিমধ্যে সংগ্ৰহ কৰিছে নথিপত্ৰ। ইফালে, বিধায়ক গৰাকীৰ বিৰুদ্ধে আনটাইড ফাণ্ডৰ অনিয়মৰো অভিযোগ উত্থাপন হৈছে।
৯. বটদ্ৰৱা থানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থানত গুৰুজনাৰ কলা-সংস্কৃতি, সাহিত্য, দৰ্শন সংৰক্ষণৰ বাবে অসম চৰকাৰে এশ অষ্টাশী কোটি টকা অনুমোদন দিয়া প্ৰকল্পৰ আধাৰশিলা অনুষ্ঠান ২৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। ডেৰ লক্ষাধিক ধৰ্মপ্ৰাণ লোক উপস্থিতিত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে এই প্ৰকল্পৰ শুভাৰম্ভণি কৰাৰ পাছত নিৰ্মাণ স্থলীত অনুষ্ঠিত হবলগীয়া এখনি ৰাজহুৱা সভাত জনতাক সম্বোধন কৰিব। এই সভাৰ সকলোবোৰ দিশ মঙলবাৰে চৰজমিন পৰিদৰ্শন কৰিবলৈ বিত্ত আৰু স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নিশা বটদ্ৰৱা থানত উপস্থিত হয়।
১০. দুৰ্ধৰ্ষ সংবিজিতৰ অস্ত্ৰ সম্বৰণ
দুৰ্ধৰ্ষ সংবিজিতৰ অস্ত্ৰ সম্বৰণ। অহা ২৫ ফেব্ৰুৱাৰীত সম্পন্ন হব যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ। শংকৰদেৱ কলাক্ষেত্ৰত সম্পন্ন হব এই আনুষ্ঠানিকতা। দিনৰ ২.৩০বজাত অনুষ্ঠিত হব এই অনুষ্ঠান। উল্লেখ্য যে, সশস্ত্ৰ সংগঠন পি ডি চি কেৰ নেতা সংবিজিত ইংতি কাথাৰ। ইয়াৰ পূৰ্বে এন ডি এফ বিৰ নেতা আছিল তেওঁ।