পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত পুনৰ ৫৩৮জন কোভিড পজিটিভ। ইয়াৰে ১০৩জন কামৰূপ মেট্ৰ'ৰ, ৩৭জন যোৰহাটৰ, ৩৪জন গোলাঘাটৰ আৰু ৩৩জন তিনিচুকীয়াৰ। ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫৮৮৮৫৬জনলৈ বৃদ্ধি পাইছে। ইফালে, সোমবাৰৰ দিনটোত ৰাজ্যত সুস্থ হয় ৬১২জন লোক। আনহাতে, উক্ত দিনটোত অসমত কোৰোনাত আক্ৰান্ত ১৫জন লোকৰ মৃত্যু। এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৫৬১৩জন ৰোগী।

২. অসম প্রশাসনীয় পদাধিকাৰ মহাবিদ্যালয়ত মুখ্যমন্ত্রীৰ বাৰ্তালাপ অনুষ্ঠান। চাহ জনগোষ্ঠীৰ বুদ্ধিজীৱী, নেতৃস্থানীয় ব্যক্তিসকলৰ সৈতে এই অনুষ্ঠান। 'হামদেৰ মনেৰ কথা' শীৰ্ষক অনুষ্ঠানত চাহ জনগোষ্ঠীৰ সবলীকৰণ সন্দৰ্ভত বাৰ্তালাপ। চাহ জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়ন সন্দৰ্ভত আলোচনা বৈঠকত। মুখ্যমন্ত্রীৰ লগতে বৈঠকত অংশগ্রহণ কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলীৰ। উপস্থিত মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, মন্ত্রী অতুল বৰা, কেশৱ মহন্ত।

৩. AIUDFৰে মিত্রতা ভংগৰ প্রস্তাৱ কংগ্রেছৰ। কংগ্রেছৰ এনে সিদ্ধান্ত সন্দৰ্ভত AIUDFৰ প্রেছ বিবৃতি। কংগ্রেছৰ এক পক্ষীয় সিদ্ধান্ত দুৰ্ভাগ্যজনক। কংগ্রেছৰ কেন্দ্রীয় সমিতি আৰু অন্যান্য ৰাজনৈতিক দলক লৈ হৈছিল মহাজোঁট। এনে সময়ত ধৰ্ম নিৰপেক্ষ দলবোৰক অধিক শক্তিশালী কৰাতো সময়ৰ আহ্বান। তেনেক্ষেত্রত মহাজোঁটৰ ভিতৰত ভাঙোন সৃষ্টি নকৰি শক্তিশালী কৰাৰ প্রয়োজন। বিজেপিক প্রতিহত কৰিবলৈ ধৰ্ম নিৰপেক্ষ দলসমূহ শক্তিশালী হ'ব লাগিব। AIUDF দলৰ সাধাৰণ সম্পাদক হাফিজ বচিৰ আহমেদৰ এই মন্তব্য।

৪. অসম জনজাতি অধিকাৰ সুৰক্ষা সমিতিৰ সংবাদমেল। গুৱাহাটী প্রেছ ক্লাবত এই সংবাদমেল। জনজাতিসকলৰ ভূমি অধিকাৰ চৰকাৰে খৰ্ব কৰিব বিচৰাৰ অভিযোগ। মুখ্যমন্ত্রীক জনজাতি বিৰোধী, সংবিধান বিৰোধী আখ্যা। হিমন্ত বিশ্ব শৰ্মাৰ ডক্টৰেট ডিগ্রীকলৈও প্রশ্ন। বিজেপিৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ক অৱমাননা কৰাৰ অভিযোগ। 'সমিতিয়ে এজাহাৰ দিলে মুখ্যমন্ত্রী থানাত হাজিৰ হ'ব লাগিব'। ৪ লাখ ভূমি বেদখল হোৱাৰ অভিযোগ সংগঠনটোৰ। জনজাতি এলেকা বেদখল কৰাৰো দাবী সংগঠনটোৰ। জনজাতি লোকসকলৰ ভূমি অধিকাৰ খৰ্ব নকৰিবলৈ সকীয়নি মুখ্যমন্ত্রীক।

৫. ক্ষেত্রীত বাইক চুৰি চক্রৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। তিনিখন স্কুটীসহ আটক এজন। আটক বাইক চুৰি চক্রৰ মাষ্টাৰ মাইণ্ড দীপ শইকীয়া । খটগাঁও অঞ্চলৰ পৰা আটক দীপ শইকীয়াক।

৬. শিক্ষামন্ত্রীৰে জাতীয় সংগঠনৰ বৈঠক। সৰ্বশিক্ষা কাৰ্যালয়ত এই বৈঠক। শিক্ষা ব্যৱস্থাপনাৰ ওপৰত আলোচনা এই বৈঠকত। ৩৪টাকৈ জাতীয় সংগঠন নেতৃবৰ্গৰ অংশগ্রহণ বৈঠকত। ১৪টা বিষয়, ৬০টা দাবীৰে এক উমৈহতীয়া স্মাৰক পত্র প্রদান সংগঠনৰ। শিক্ষা ব্যৱস্থাক ৰাজনীতিৰ পৰা আঁতৰাই ৰখাৰ আহ্বান। জনজাতীয় আৰু জনগোষ্ঠীয় ভাষাৰ জৰিয়তে শিক্ষাৰ প্রস্তাৱ।

৭. নতুন দিল্লীত অখিল গগৈৰ প্রতিক্রিয়া। তেওঁ কয়- মই RJD, সমাজবাদী পাৰ্টি আৰু শিৱসেনাৰ নেতৃত্বৰে আলোচনা কৰিলো। ভাৰতত তৃণমূল কংগ্রেছ আৰু সকলো আঞ্চলিক দলক লৈ ফেডাৰেল ফ্রণ্ট গঠন। আমি ৰাইজৰ দল আনুষ্ঠানিকভাৱে ফেডাৰেল ফ্রণ্টত যোগদান কৰিলো। উত্তৰ-পূবৰ পৰা প্রথমটো আঞ্চলিক দল হিচাপে আমাৰ যোগদান। এই ফ্রণ্টে কংগ্রেছৰ লগত শত্রুতা নহয়, একত্রে বিজেপিৰ বিৰুদ্ধে যুঁজৰ বাবে সাজু হ'ম।

৮. কংগ্রেছৰ ক'ৰ কমিটীৰ বৈঠক। অখিল গগৈৰ সন্দৰ্ভত প্রতিক্রিয়া দেৱব্রত শইকীয়াৰ। অখিলৰ কথা খেলিমেলি থকা বুলি উল্লেখ কৰা  দেৱব্রত শইকীয়াই কয়- 'কংগ্রেছ অসমীয়াৰ দল, ৰিপুণ বৰা, গৌৰৱ গগৈয়ে তেওঁলোকৰ উত্তৰ দিব।' সুভাষ দত্তৰ মন্তব্যৰো প্রতিক্রিয়া শইকীয়াৰ- চৰকাৰৰ কাম মই কৰিব নোৱাৰো।

৯. কাৰ্বি পাহাৰৰ চৌকিহোলাত কিশোৰীৰ ৰহস্যজনক মৃত্যু। ক্ষত-বিক্ষত অৱস্থাত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ। আন এগৰাকী যুৱতী বৰ্তমানো নিৰুদ্দেশ। বোকাজানৰ কয়লা মাটিৰ গভীৰ পাহাৰত সংঘটিত এই ঘটনা। শনিবাৰে দৈগ্রোং নদীত মাছ মাৰিবলৈ গৈছিল কিশোৰী দুগৰাকী।

১০. মহানগৰীত ভ্রাম্যমাণ ক'ভিড টীকাকৰণৰ ব্যৱস্থা। সোমবাৰ, মঙলবাৰে মহানগৰীৰ প্রতিটো অঞ্চলতে টীকাকৰণৰ ব্যৱস্থা। ৫টা মণ্ডলত বিভক্ত কৰি আৰম্ভ কৰা হৈছে এই কাৰ্যসূচী। মহানগৰীৰ পূব মণ্ডল, পশ্চিম মণ্ডল, সোণাপুৰ মণ্ডলত টীকাকৰণৰ ব্যৱস্থা। ৰাজধানী মণ্ডল আৰু ধীৰেণপাৰা মণ্ডলকো বিভক্ত কৰি টীকাকৰণৰ ব্যৱস্থা।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in