ঢকুৱাখনাৰ যুৱ ব্যৱসায়ী পুতু খানৰ বিয়োগত শোক

ঢকুৱাখনাৰ উদীয়মান যুৱ ব্যৱসায়ী ,ঢকুৱাখনা নগৰৰ বেংগলীপট্টি নিবাসী পুতু খান (ৰাহুল)ৰ মঙলাবাৰে পুৱা পৰলোকপ্ৰাপ্তি ঘটে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-01-27 at 9.35.13 AM

ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনাৰ উদীয়মান যুৱ ব্যৱসায়ী ,ঢকুৱাখনা নগৰৰ বেংগলীপট্টি নিবাসী পুতু খান (ৰাহুল)ৰ মঙলাবাৰে পুৱা পৰলোকপ্ৰাপ্তি ঘটে। বিগত কিছুদিন ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ গুৱাহাটীত  চিকিৎসাধীন হৈ থকা সমাজপ্ৰিয় যুৱ ব্যৱসায়ী পুতু খানক নিজা বাসগৃহলৈ অনাৰ পাছত মংগলবাৰে স্বগৃহতে  পুৱা ৫-৫৮ বজাত শেষ নিশ্বাস ত্যাগ কৰে ।

ঢকুৱাখনা দৈনিক বজাৰ, বৰুৱা মাৰ্কেট আদিত বস্ত্ৰ ব্যৱসায়িক প্ৰতিষ্ঠান খুলি স্বাৱলম্বনৰ বাট দেখুৱা খানৰ মৃত্যুৰ সময়ত বয়স হৈছিল প্ৰায় ৪৫ বছৰ । পত্নী  তচলিমা বেগমসহ অজস্ৰ ইষ্ট কুটুম্বক ইহসংসাৰত এৰি যোৱা খানৰ বিয়োগত শোকৰ ছাঁ পৰিছে সমগ্ৰ ঢকুৱাখনা নগৰত ।

এগৰাকী সমাজপ্রিয়ৰ বিয়োগত মর্মাহত ঢকুৱাখনা ঈদগাহ সমিতি, মানিকপুৰ যুৱ সমাজ , ঢকুৱাখনা ব্যৱসায় সন্থাই গভীৰ শোক ব্যক্ত কৰি বিদেহ আত্মাৰ সদগতি কামনা কৰিছে । ঢকুৱাখনা ব্যৱসায় সন্থাৰ সভাপতি নিত্যা বৰগোঁহাই, কাৰ্যকৰী সভাপতি সুৰেশ দাস, সম্পাদক পূৰ্ণ চুতীয়াই এক শোক বার্তাত উদীয়মান যুৱ ব্যৱসায়ী গৰাকীৰ আকস্মিক বিয়োগত গভীৰ শোক ব্যক্ত কৰি পুৱা ৬ বজাৰ পৰা দুপৰীয়া ১১ বজালৈ ঢকুৱাখনা নগৰৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখি সন্থাই অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে । আজি বিয়লি মানিকপুৰ কবৰ স্থানত খানৰ জানাজা সম্পন্ন কৰা হ'ব ।

ঢকুৱাখনা