ভাৰতলৈ আহি আছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন...

ড’নাল্ড ট্ৰাম্পৰ অতিৰিক্ত শুল্ক আৰোপৰ মাজতো ৰাছিয়াৰ সৈতে সম্পৰ্ক অব্যাহত ৰাখিছে ভাৰতে। তাৰ মাজতেই ভাৰত ভ্ৰমণলৈ আহিবলৈ সাজু হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। 

author-image
Asomiya Pratidin
New Update
ভাৰতলৈ আহি আছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন...

ডিজিটেল ডেস্কঃ ৰাছিয়াৰে ব্যৱসায়ীক সম্পৰ্ক ৰক্ষা কৰাৰ বাবেই ভাৰতৰ ওপৰত আমেৰিকাই মুঠ ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ পাছতো ভাৰতে ৰাছিয়াৰ সৈতে সম্পৰ্ক অব্যাহত ৰাখিছে। ড’নাল্ড ট্ৰাম্পৰ এনে ভাবুকিৰ মাজতেই ভাৰত ভ্ৰমণলৈ আহিবলৈ সাজু হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। 

জানিব পৰা মতে চলিত আগষ্ট মাহতে ভাৰতলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে পুটিনৰ। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (এন এছ এ) অজিত ডোভালে বৃহস্পতিবাৰে মস্কোত এক বৈঠকৰ সময়ত এই কথা প্ৰকাশ কৰিছে। ড’ভালে কয়, ‘ৰাষ্ট্ৰপতি পুটিনৰ ভাৰত ভ্ৰমণৰ বিষয়ে জানিবলৈ পাই আমি অতিশয় উৎসাহিত হৈছো। 

তেওঁ আৰু কয় মই ভাবো এই ভ্ৰমণৰ তাৰিখ প্ৰায় চূড়ান্ত হৈছে। অৱশ্যে এতিয়ালৈকে আনুষ্ঠানিকভাৱে ভাৰত অথবা ৰাছিয়াই এই বিষয়ে কোনো কথা প্ৰকাশ কৰা নাই। সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি অজিত ডোভালে ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণৰ সূচী প্ৰস্তুত কৰিবলৈকে ৰাছিয়ালৈ গৈছে। ইতিমধ্যে দেশখনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে তেওঁ আনুষ্ঠানিকভাৱে এই সন্দৰ্ভত আলোচনাত লিপ্ত হৈছে। 

ৰাছিয়া ভ্লাদিমিৰ পুটিন