/asomiyapratidin/media/media_files/2025/09/01/dddddd-2025-09-01-13-58-00.jpg)
ডিজিটেল ডেস্কঃ চীনৰ চাংঘাইত অনুষ্ঠিত হোৱা শিখৰ সন্মিলনৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয় তিয়ানচীন চহৰত। এই সন্মিলনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বহু সময় অনানুষ্ঠানিকভাৱে বাৰ্তালাপত মিলিত হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/01/img_modi_putin_delhi_2_1_bo9hjsp5-2025-09-01-14-08-08.jpg)
এই বাৰ্তালাপতে দুয়োখনৰ দেশৰ আৰ্থিক, কূটনৈতিক ভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয়। এই বাৰ্তালাপৰ শেষত সংবাদমাধ্যমৰ সৈতে হোৱা এক সাক্ষাতৰ সময়ত পুটিনে কয় যে, প্ৰধানমন্ত্ৰী মোডীক লগ পাই খুবেই ভাল লাগিল। পুটিনৰ এই মুখৰ এই বাক্যশাৰীয়ে ইতিমধ্য আন্তৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ শিৰোনাম দখল কৰিছে।
আমেৰিকাৰ সৈতে ভাৰতৰ বৃদ্ধি পোৱা দুৰত্বৰ সময়ত পুটিনৰ এই বাক্যশাৰীয়ে মূৰৰ কামোৰণি বৃদ্ধি কৰিব পাৰে ট্ৰাম্পৰ। ইফালে দুয়োখন দেশৰ মাজত বাণিজ্যিক সম্পৰ্ক শক্তিশালী কৰাৰ কথাও উল্লেখ কৰে পুটিনে। এই বাৰ্তালাপতে পুটিনক ভাৰতলৈ আমন্ত্ৰণ জনায় প্ৰধানমন্ত্ৰী মোডীয়ে।
চলিত বৰ্ষৰ ডিচেম্বৰ মাহতেই পুটিন আহিব পাৰে ভাৰতলৈ। আনফালে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সমাপ্তি কৰি শান্তিৰ পোষকতাও কৰে মোডীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/01/rtx38ldo-2025-09-01-14-08-18.jpg)
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us