/asomiyapratidin/media/media_files/2025/12/05/194f81b7-eb8e-4348-917e-bc9a7c8c40e4-2025-12-05-21-22-43.jpg)
ডিজিটেল ডেস্কঃ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সন্মানাৰ্থে ভাৰতৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজন কৰা হৈছিল নৈশ ভোজ। প্ৰধানমন্ত্ৰীকে আদি কৰি দেশৰ কেন্দ্ৰীয় কেবিনেটৰ বহুকেইগৰাকী মন্ত্ৰী উপস্থিত থাকে ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এই নৈশ ভোজত।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে ৰাষ্ট্ৰপতি ভৱনত পুটিন উপস্থিত হোৱাৰ পাছতে ৰাষ্ট্ৰপতি দৌপদ্ৰী মূৰ্মুৱে উষ্ম আদৰণি জনায়। তাৰ পাছতে আনুষ্ঠানিকভাৱে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
উল্লেখ কৰা প্ৰয়োজন যে, ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এই নৈশ ভোজত ভাৰতীয় আহাৰ ৰন্ধা হৈছে। দক্ষিণ ভাৰতৰ লগতে গুজৰাটীৰ কেইবাখনো ব্যঞ্জন ৰন্ধা হৈছে। ৰাছিয়াৰ পৰম্পৰাগত খাদ্যকো স্থান দিয়া হৈছে এই নৈশ ভোজত।
দুদিনীয়া ভাৰত ভ্ৰমণৰ বাবে অহা ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ আজি দ্বিতীয়টো দিন। আজিৰ দিনটোত পুটিনে ভাৰতৰ সৈতে কেইবাখনো দ্বিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰে।
বাণিজ্য, সামৰিক, কৃষিক্ষেত্ৰক লৈ নানান আলোচনাতো মিলিত হয় পুটিন। ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকী দিল্লীত থকা সময়খিনিত কেইবাতৰপীয়া সুৰক্ষা বেষ্টনী গঢ়ি তোলা হৈছে। চি আৰ পি এফৰ পৰা এছ পি জি লৈকে সকলো জোৱান নিয়োজিত হৈ আছে সুৰক্ষা ব্যৱস্থাত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us