বন্ধুৰ আমন্ত্ৰণত ভাৰতলৈ আহি আছে পুটিন...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আমন্ত্ৰণত ভাৰতলৈ আহিছে আছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন। ভাৰত ভ্ৰমণৰ সন্দৰ্ভত ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে আনুষ্ঠানিক বিবৃতি জাৰি কৰিছে। অহা ৪-৫ ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব পুটিন। 

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আমন্ত্ৰণত ভাৰতলৈ আহিছে আছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন। ভাৰত ভ্ৰমণৰ সন্দৰ্ভত ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে আনুষ্ঠানিক বিবৃতি জাৰি কৰিছে। অহা ৪-৫ ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব পুটিন।  ভাৰতলৈ আহি কেইবাখনো দ্বিপাক্ষিক বৈঠকত অংশ লোৱাৰ কথাও আছে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।

উল্লেখ কৰা প্ৰয়োজন যে, এতিয়ালৈকে ভাৰত আৰু ৰাছিয়াৰ মাজত প্ৰায় ২১খন দ্বিপাক্ষিক চুক্তি স্বাক্ষৰ হৈছে। বিশেষকৈ সৈন্য বাহিনীৰ অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণক লৈ দুয়োখন দেশে একেলগে বহু কাম কৰিছে। যোৱা বছৰতো ভাৰতৰ প্ৰধানমন্ত্ৰী মস্কোত উপস্থিত হৈ বহুকেইখন দ্বিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰিছিল।

উল্লেখ কৰা প্ৰয়োজন যে, ইয়াৰ পূৰ্বে ২০২১চনত পুটিন আহিছিল ভাৰতলৈ। এইবাৰৰ পুটিনৰ ভ্ৰমণে দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা, বাণিজ্য আৰু শক্তিৰ ক্ষেত্ৰত বহুকেইখন চু্ক্তি স্বাক্ষৰ হোৱা সম্ভাৱনা আছে। 

ভ্লাদিমিৰ পুটিন