বে-চৰকাৰী সংস্থা ‘পূৰ্বোত্তৰ সীমান্ত চেতনা মঞ্চ’ৰ ‘পঞ্চ পৰিৱৰ্তন’ শীৰ্ষক পত্ৰিকা উন্মোচন

সামাজিক আৰু সাংস্কৃতিক তথা বে-চৰকাৰী সংস্থা ‘পূৰ্বোত্তৰ সীমান্ত চেতনা মঞ্চ’ৰ উদ্যোগত ১০ ডিচেম্বৰ ২০২৫ বুধবাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়। গুৱাহাটীৰ নেডফি হাউচৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই অনুষ্ঠানৰ। 

author-image
Asomiya Pratidin
New Update
457

ডিজিটেল ডেস্ক : সামাজিক আৰু সাংস্কৃতিক তথা বে-চৰকাৰী সংস্থা ‘পূৰ্বোত্তৰ সীমান্ত চেতনা মঞ্চ’ৰ উদ্যোগত ১০ ডিচেম্বৰ ২০২৫ বুধবাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়। গুৱাহাটীৰ নেডফি হাউচৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই অনুষ্ঠানৰ।

সংস্থাটোৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত ‘পূৰ্বোত্তৰ সীমান্ত চেতনা মঞ্চ’ৰ মাহেকীয়া পত্ৰিকা তথা অসমীয়া সংস্কৰণ ‘পঞ্চ পৰিৱৰ্তন’ উন্মোচন কৰা হয়। একেদৰে এই অনুষ্ঠানতে আন এক পত্ৰিকা ‘ফ্ৰণ্টিয়াৰ ইনচাইদ’ উন্মোচন কৰা হয়। 

WhatsApp Image 2025-12-11 at 9.49.30 AM

উল্লেখযোগ্য যে, ব্যক্তি আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ উদ্দেশ্য আগত ৰাখি দুয়োখন পত্ৰিকা উন্মোচন কৰা বুলি উদ্যোক্তাই জানিবলৈ দিয়ে। ইয়াৰে 'পঞ্চ পৰিৱৰ্তন' পত্ৰিকাখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ প্ৰচাৰ প্ৰমুখ ড০ সুনীল মহান্তিয়ে। 

WhatsApp Image 2025-12-11 at 9.49.23 AM

উন্মোচনী পৰ্বত উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ প্ৰেছ সচিব ধ্ৰুৱ মহন্ত, সঞ্জয় আদিত্য সিং, নেডফি হাউচৰ বিষয়ববীয়াসকল। ইফালে এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত থকাৰ কথা আছিল যদিও কিবা কাৰণত তেওঁ যথা সময়ত উপস্থিত থাকিব নোৱাৰিলে বুলি উদ্যোক্তাই জনায়। মন্ত্ৰীগৰাকী উপস্থিত নাথাকিলেও তেওঁ এটি শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে সংস্থাটিলৈ।

RSS ASSAM rss ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ