৩ ডিচেম্বৰৰ পৰা 'পুৰী মহোৎসৱ'

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব আৰু অনবৈদ্য অৱদান আৰু সৃষ্টি সম্ভাৰক সৰ্বভাৰতীয় স্তৰলৈ উন্নীত কৰাৰ লগতে সমগ্ৰ বিশ্বৰ মাজলৈ লৈ যোৱাৰ লক্ষ্য আগত ৰাখি অহা ৩ ডিচেম্বৰৰ পৰা উৰিষ্যাৰ পুৰীত "পুৰী মহোৎসৱ" অনুষ্ঠিত হ'ব

author-image
Asomiya Pratidin
New Update
অগ্ৰণী খবৰ

ডিজিটেল সংবাদ, গুৱাহাটী : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব আৰু অনবৈদ্য অৱদান আৰু সৃষ্টি সম্ভাৰক সৰ্বভাৰতীয় স্তৰলৈ উন্নীত কৰাৰ লগতে সমগ্ৰ বিশ্বৰ মাজলৈ লৈ যোৱাৰ লক্ষ্য আগত ৰাখি অহা ৩ ডিচেম্বৰৰ পৰা উৰিষ্যাৰ পুৰীত "পুৰী মহোৎসৱ" অনুষ্ঠিত হ'ব। মধুপুৰ সত্ৰ আৰু উত্তৰবংগৰ সত্ৰ আৰু নামঘৰ সমূহৰ সমন্বয় ৰক্ষী সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে পুৰী মহোৎসৱৰ কাৰ্য্যসূচী সম্পৰ্কত প্ৰকাশ কৰা এটা বিবৃতি যোগে জনায় যে, পুৰীৰ লোকনাথ পথত অৱস্থিত শ্ৰীমন্ত শঙ্কৰদেৱ নাম ঘৰ প্ৰাংগনত ২৪ সংখ্যক পুৰী মহোৎসৱ ৰাতিপুৱা ৫ বজাত বৰপেটা সত্ৰৰ চম্পক দাসৰ জাগৰণৰ গীত পৰিবেশনৰ  দ্বাৰা মহোৎসৱৰ আৰম্ভণি কৰা হ'ব।

সেই দিনা পুৱা ৮ বজাত অনুষ্ঠিত হ'ব লগীয়া পুৱাৰ প্ৰসঙ্গ পৰিচালনা কৰিব সংগীত নাটক একাডেমী বঁটা প্ৰাপক,বিশিষ্ট সত্ৰীয়া শিল্পী গুনিন্দ্ৰ নাথ ওজাই। প্ৰসঙ্গৰ পিছত উলিয়াব লগীয়া শোভাযাত্ৰা মুকলি কৰিব সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰীয়ে আৰু ভাগৱৎ বহন কৰিব ঔটলা সত্ৰৰ সত্ৰাধিকাৰ বাবুল চন্দ্ৰ ডেকাই।

ভাগৱৎ ভ্ৰমনৰ পিছত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যোৱা নাম দলসমূহে থিয় নাম পৰিৱেশন কৰিব। আবেলি ২ বজাত শ্ৰীশঙ্কৰদেৱ সংস্কৃতি সমাজ (পুৰী প্ৰকল্প )ৰ সভানেত্ৰী কণিকা পাঠকৰ সভাপতিত্বত  মুকলি সভা অনুষ্ঠিত হ'ব। বৰপেটাৰ শিল্পী মৃমান্তিকা দাসৰ বৰগীতেৰে আৰম্ভ হ'বলগীয়া এই মুকলি সভাত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব পুৰীৰ সুৰজ মল সহা মহাবিদ্যালয়ৰ অধ্যক্ষ শৰৎ কুমাৰ চাহু।

পুৰী মহোৎসৱ উপলক্ষে প্ৰকাশ পাবলগীয়া স্মৃতি গ্ৰন্থ উন্মোচন কৰিব বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্তৰ বাবুল চন্দ্ৰ দাসে। সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰিব পুৰীৰ শ্ৰী জগন্নাথ সংস্কৃতিৰ গৱেষক বাণী ভূষণ শাস্ত্ৰী, আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব পুৰীৰ অসম পাণ্ডা সুদৰ্শন মহাপাত্ৰ, গোপী মহাপাত্ৰ, ৰবি মহাপাত্ৰ আৰু জনমেশ্বৰ মহাপাত্ৰ।

সন্ধিয়া সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিব বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ মুনীন্দ্ৰ নাৰায়ণদেৱ গোস্বামীয়ে। ৪ ডিচেম্বৰ পুৱা ওদালগুৰি শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ শৰণাচাৰ্য্য বিমল ভকতে জাগৰণৰ গীতৰ দ্বাৰা দ্বিতীয় দিনৰ কাৰ্য্যসূচী অনুষ্ঠিত হ'ব।

সেইদিনা আইসকলে নাম পৰিৱেশ কৰাৰ লগতে গুৱাহাটীৰ শৰণাচাৰ্য্য বীৰেন্দ্ৰ নাথ পাঠকে পুৱাৰ প্ৰসঙ্গ পৰিচালনা কৰিব। সেইদিনা অনুষ্ঠিত হ'বলগীয়া পাল নামত মুখ্য পাঠক হিচাপে অংশ গ্ৰহণ কৰিব গুৱাহাটীৰ সাৰংগ পানী পাঠকে। গুৰুজনাৰ অপূৰ্ব দৰ্শন আৰু বৰ্ণিল ৰচনা সম্ভাৰেৰে উদযাপন হ'বলগীয়া এই পুৰী মহোৎসৱৰ জৰিয়তে অসম আৰু উৰিষ্যাৰ সাতামপুৰুষীয়া ঐক্যৰ বান্ধোন অধিক সুদৃঢ় কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মধুপুৰ সত্ৰ আৰু উত্তৰ বংগৰ সত্ৰ আৰু নামঘৰ সমূহৰ সমন্বয় ৰক্ষী সমিতিযে আশা প্ৰকাশ কৰিছে।

জগন্নাথ জগন্নাথ মন্দিৰ