বানপানীৰ ফলত উন্মুক্ত ভাৰত-পাক সীমান্তঃবানপানীয়ে উটুৱাই নিলে ৩০ কিলোমিটাৰৰ কাঁইটীয়া বেৰ...

ভয়াৱহ বানপানীৰ কৱলত পৰা জম্মু কাশ্মীৰ, পঞ্জাৱ। দুয়োখন ৰাজ্যতে সৃষ্টি হোৱা এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত পাকিস্তান সীমান্তত একপ্ৰকাৰে নিচিহ্ন হৈ গৈছে সীমান্তৰ কাঁটীয়া তাঁৰ।

author-image
Asomiya Pratidin
New Update
বানপানীৰ ফলত উন্মুক্ত ভাৰত-পাক সীমান্তঃবানপানীয়ে উটুৱাই নিলে ৩০ কিলোমিটাৰৰ কাঁইটীয়া বেৰ...

ডিজিটেল ডেস্কঃ ভয়াৱহ বানপানীৰ কৱলত পৰা জম্মু কাশ্মীৰ, পঞ্জাৱ। দুয়োখন ৰাজ্যতে সৃষ্টি হোৱা এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত পাকিস্তান সীমান্তত একপ্ৰকাৰে নিচিহ্ন হৈ গৈছে সীমান্তৰ কাঁটীয়া তাঁৰ। ভাৰত-পাকিস্তানৰ সীমান্তৰ ইৰাৱতী নদীৰ মথাউৰিটো চিঙি যোৱাৰ ফলত নদীত জাহ গৈছে কাঁইটীয়া তাঁৰ। 

ভয়াৱহ বানপানীৰ বাবেই সীমান্তৰ দুয়োখন দেশৰ চেকপোষ্টসমূহো খালী হৈ আছে। সেই অঞ্চলৰ পৰা আঁতৰাই অনা হৈছে সকলো প্ৰয়োজনীয় সামগ্ৰী। স্বাভাৱিকতে এনে অৱস্থাত বৃদ্ধি পাইছে উদ্বেগ। প্ৰশ্ন উত্থাপন হৈছে এই চেক পোষ্ট সমূহ খালী হৈ যোৱাৰ ফলত সীমান্তৰ সীপাৰৰ পৰা অনুপ্ৰৱেশকাৰী প্ৰৱেশ ঘটিব নেকি? এনে প্ৰশ্ন উত্থাপন হোৱাৰ কাৰণ পূৰ্বৰ উদাহৰণ। পূৰ্বে কাৰ্গিলত একে ঘটনা সংঘটিত হোৱাৰ উদাহৰণ আছে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি সীমান্তত বান পৰিস্থিতিৰ বাবে চেক পোষ্ট খালী হোৱাৰ বাবে সেই অঞ্চলসমূহত অনুপ্ৰৱেশৰ চেষ্টা চলি আছে। চৰকাৰী সূত্ৰই জনোৱা মতে, খালী সীমান্তৰ সুবিধা লৈ ড্ৰাগছ সৰবৰাহকাৰীয়ে অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল। 

কিন্তু বি এছ এফৰ সজাগতাৰ বাবে সেই প্ৰচেষ্টা ব্যৰ্থ হয়। বি এছ এফৰ পঞ্জাৱ ফ্ৰণ্টৰ ডি আই জি এ কে বিধাৰ্থীয়ে এই সন্দৰ্ভত কয় যে, "কেৱল গুৰদাসপুৰতে আমাৰ ৩০ৰ পৰা ৪০টা চেক পোষ্ট পানীৰ তললৈ গৈছে। অৱশ্যে সময়মতে সেনাবাহিনী সেই অঞ্চললৈ গৈছে। ইয়াৰ উপৰিও বানপানীৰ ফলত প্ৰায় ৩০ কিলোমিটাৰ মথাউৰি ধ্বংস হৈছে।"

বানপানীৰ পৰা হাত সাৰিবলৈ কেইবাখনো গাঁৱৰ লোকে বি এছ এফৰ শিবিৰত আশ্ৰয় লৈছে। কৰতাৰপুৰ চাহাব কৰিডৰৰ বি এছ এফৰ পোষ্টটোও পানীৰ তলত। তাত থকা জোৱানসকলে ডেৰা বাবা নানক গুৰুদ্বাৰত আশ্ৰয় লৈছে। ইৰাৱতী নদীৰ প্ৰচণ্ড পানীৰ ঢৌৰ বাবে পাকিস্তান সীমান্তত গুৰুতৰ ৰূপ ধাৰণ কৰিছে। পাক ৰেঞ্জাৰসকলো সীমান্ত এৰি যাবলৈ বাধ্য হৈছে।

তথ্য অনুসৰি ৰবি নদীৰো ২৮টাতকৈও অধিক মথাউৰি চিঙি গৈছে। কেৱল অমৃতসৰত ভাঙিছে ১২টা মথাউৰি। পাঠানকোটত দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি ভাঙিছে। ডেৰা বাবা নানকৰ সমীপত প্ৰায় ৫০০ মিটাৰ কাঁইটীয়া তাঁৰৰ বেৰ নৈত জাহ গৈছে। 

এই সীমান্তৰ কাঁইটীয়া অহা এমাহৰ ভিতৰত পুনৰ মেৰামতি কৰা হ’ব বুলি জনাইছে বি এছ এফে। বিএছএফৰ জোৱানসকলে ফিৰোজপুৰ আৰু অন্যান্য জিলাত সাহায্য আৰু উদ্ধাৰ অভিযান চলাই আছে। বি এছ এফৰ সূত্ৰ অনুসৰি চেক পোষ্টত কোনো নাথাকিলেও সীমান্তত চোৰাংচোৱাগিৰি অব্যাহত ৰখা হৈছে বুলি জানিবলৈ দিছে। এই ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছে প্ৰযুক্তি। ব্যৱহাৰ কৰা হৈছে ড্ৰোণ।

জন্মু কাশ্মীৰ পঞ্জাৱ ভাৰত-পাকিস্তান বানপানী