/asomiyapratidin/media/media_files/2025/12/22/hdhdjdj-2025-12-22-18-35-52.jpg)
ডিজিটেল ডেস্কঃ এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়াই আত্মহনন দৰে চেষ্টা কৰাক লৈ এতিয়া দেশজুৰি চৰ্চা চলিছে। ১২পৃষ্ঠাৰ এখন চিঠি লিখি নিজৰ ৰিভলভাৰেৰে গুলীয়াই আত্মহত্যাৰ চেষ্টা কৰা আৰক্ষী বিষয়াগৰাকী বৰ্তমান সংকটজনক অৱস্থাত ভৰ্তি হৈ আছে চিকিৎসালয়ত।
এই ঘটনা সংঘটিত হৈছে পাঞ্জাৱত। পাঞ্জাৱ আৰক্ষীৰ প্ৰাক্তন আই জি তথা আই পি এছ অমৰ সিঙে নিজ ঘৰতে আত্মহত্যাৰ চেষ্টা চলায়। পৰিয়ালৰ লোকৰ তৎপৰতাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে যদিও তেওঁৰ স্বাস্থ্য বিপদজনক। আৰক্ষীয়ে উদ্ধাৰ কৰা ১২পৃষ্ঠাৰ চিঠিত বিষয়াগৰাকীয়ে আত্মহত্যাৰ চেষ্টা চলোৱাৰ কাৰণ পোহৰলৈ আহিছে।
অনলাইন প্ৰৱঞ্চকৰ হাতত পৰি তেওঁৰ জীৱনলৈ নামি অহা আৰ্থিক সংকটৰ বাবে এই পথ গ্ৰহণ কৰাৰ বাবে সিদ্ধান্ত লৈছিল বুলি উল্লেখ আছে চিঠিখনত। আৰক্ষীয়ে এই বিষয়টোক লৈ তদন্ত অব্যাহত ৰাখিছে। উল্লেখ কৰা প্ৰয়োজন যে, পাঞ্জাৱ আৰক্ষীৰ অতিকৈ এগৰাকী সুদক্ষ আৰক্ষী বিষয়া আছিল অমৰ সিং।
২০১৫ত পাঞ্জাৱত সংঘটিত এক গুলীয়াগুলিৰ ঘটনাক লৈ গঠন কৰা এছ আই টিৰ নেতৃত্ব লৈ অমৰ সিঙে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদল, সুখবীৰ সিং বাদলৰ দৰে নেতাৰ বিৰুদ্ধে ছাৰ্জশ্বিট দাখিল কৰিছিল। তেনে এগৰাকী সুদক্ষ আৰক্ষী বিষয়া কেনেকৈ অনলাইন প্ৰৱঞ্চকৰ হাতত পৰিল তাক লৈ এতিয়া তীব্ৰ চৰ্চা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us