/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/d4a3afcb-1726-4d98-90f9-cb4e2dab78a1/7.jpg)
ডিজিটেল ডেস্কঃ ধাৰাসাৰ বৰষুণৰ ফলত বানৰ কবলত পুনে চহৰ। পানীত বুৰ গৈছে নৈ পাৰৰ হাউছিং ছ’চাইটিসমূহ। বাঢ়নী পানীত আবদ্ধ হৈ পৰা লোক সকলৰ বাবে ইতিমধ্যে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে প্ৰশাসনে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/4f1d570a-1073-44f2-8916-2a179e86650b/WhatsApp-Image-2024-07-25-at-10.12.18.webp)
পানীত বুৰ গৈছে চহৰখনৰ একতা নগৰৰ লগতে বাবা ভিদে দলং। সেয়েহে চহৰবাসীক সজাগ হৈ থাকিবলৈ সকীয়াই দিছে প্ৰশাসনৰ লোকে। মহাৰাষ্ট্ৰত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে বহু অঞ্চলত বিদ্যালয়সমূহ বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদানৰ লগতে সতৰ্কবাণী জাৰি কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/0bc59ee9-47a3-48bf-b26e-acdc92c57f61/2_12a898.webp)
উল্লেখ্য যে, পুনেৰ প্ৰায় ১৫ টাকৈ হাউছিং ছ’চাইটি বৰষুণৰ পানীৰ কবলত। ফলত বিপদত পৰিছে আবাসী সকল। জানিব পৰা মতে, বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছে ৩ জনকৈ লোকৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/02ddbf2c-65dc-4dd5-832c-9b5a7846d394/UNION-BUDGET-2024-4.webp)
বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি বৃহস্পতিবাৰে মুম্বাই,থানে,পালঘৰ আৰু ৰাইগাডত প্ৰচুৰ পৰিমাণে বৰষুণ অহাৰ সম্ভাৱনা আছে। সেয়ে মুম্বাইত ইয়েল্ল' এলাৰ্ট জাৰি কৰিছে।
Also Read: PRC ক লৈ পশ্চিম কাৰ্বি আংলঙৰ হাজাৰ হাজাৰ শিক্ষাৰ্থী পৰিছে ভীষণ সমস্যাত...