হাৰিয়ানাৰ পৰা ভুৱা নথি পত্ৰৰে i20 বাহনখন কিনিছিল পুলবামাৰ তাৰিকে...

সোমবাৰে দিল্লীত বিস্ফোৰণ সংঘটিত কৰা আই-২০ বাহনখনক লৈ ন ন তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে। চি এন জি চালিত এই অভিশপ্ত বাহনখনৰ নম্বৰ আছিল - HR 26CE7674 । এই বাহন খন আছিল হাৰিয়ানাৰ

author-image
Asomiya Pratidin
New Update
ujjjd

ডিজিটেল ডেস্কঃ সোমবাৰে দিল্লীত বিস্ফোৰণ সংঘটিত কৰা আই-২০ বাহনখনক লৈ ন ন তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে। চি এন জি চালিত এই অভিশপ্ত বাহনখনৰ নম্বৰ আছিল - HR 26CE7674 । এই বাহন খন আছিল হাৰিয়ানাৰ চলমান নামৰ লোকগৰাকীৰ। 

কিছুদিনৰ পূৰ্বে হাৰিয়ানাৰ আম্বালা ৰয়েল কাৰ জন নামৰ এটা এজেঞ্চীৰ দেবেন্দ্ৰ নামৰ লোকগৰাকীৰ জৰিয়তে এই বাহনখন বিক্ৰী কৰিছিল জন্মু-কাশ্মীৰৰ পুলবামাৰ তাৰিক নামৰ এগৰাকী লোকক। পৰিবহন বিভাগে চলোৱা তদন্তত পোহৰলৈ আহিছে যে, যিসমূহ নথি-পত্ৰ দি উক্ত বাহনখন ক্ৰয় কৰা হৈছিল সেই সকলো নথি-পত্ৰ ভুুৱা।

বৰ্তমান এই দিশটোক লৈ দিল্লী আৰক্ষীৰ লগতে বহুকেইটা এজেঞ্চীয়ে অব্যাহত ৰাখিছে তদন্ত। যিমানেই তদন্ত আগবাঢ়িছে সিমানেই ন ন তথ্য পোহৰলৈ আহিছে। পূৰ্বৰ মালিক ছলমানক বৰ্তমানেও সোধপোচ অব্যাহত ৰাখিছে দিল্লী আৰক্ষীয়ে। 

 উল্লেখ কৰা প্ৰয়োজন যে, এই আই-২০বাহনখন আছিল বগা ৰঙৰ। পেট্ৰল আৰু চি এন জি দুয়োটা ছেগমেন্টৰ এই বাহনখন গুৰগাম পৰিবহন বিভাগত ৰেজিষ্টেচন কৰা হৈছিল ২০২৪চনৰ ১৮মাৰ্চ তাৰিখে। 

দিল্লী