মুখ্যমন্ত্ৰীক প্ৰশংসা কৰি বিপদ চপালে বিধায়িকা পূজা পালে...

বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ প্ৰশংসা কৰি নেতৃত্বৰ ৰোষত পৰিল সমাজবাদী পাৰ্টিৰ বিধায়িকা পূজা পাল। যোগী আদিত্যনাথৰ বাবেই স্বামী হত্যাৰ ন্যায় পোৱা বুলি মন্তব্য কৰিছিল পূজাই। আৰু ইয়াৰ

New Update
ujjjd

ডিজিটেল ডেস্কঃ  বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ প্ৰশংসা কৰি নেতৃত্বৰ ৰোষত পৰিল সমাজবাদী পাৰ্টিৰ বিধায়িকা পূজা পাল। যোগী আদিত্যনাথৰ বাবেই স্বামী হত্যাৰ ন্যায় পোৱা বুলি মন্তব্য কৰিছিল পূজাই। আৰু ইয়াৰ পিছতে সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ সিং যাদৱে বিধায়িকাগৰাকীক দলৰ পৰা বহিষ্কাৰৰ নিৰ্দেশ দিয়ে।

Advertisment

সমাজবাদী পাৰ্টীয়ে জাৰি কৰা নিৰ্দেশত কোৱা হৈছে, "আপুনি দলবিৰোধী কাম-কাজত জড়িত আছিল আৰু সতৰ্কবাণী দিয়াৰ পিছতো আপুনি তেনে কাম বন্ধ কৰা নাছিল। ফলত দলটো বহু ক্ষতিগ্ৰস্ত হৈছে। আপোনালোকৰ এই কাৰ্যই দলবিৰোধী আৰু ই এক গুৰুতৰ অনুশাসন ভংগৰ ৰূপ লৈছে। সেয়েহে আপোনাক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ সমাজবাদী পাৰ্টিৰ পৰা বহিষ্কাৰ কৰা হৈছে।"

উল্লেখ্য যে উত্তৰ প্ৰদেশ বিধানসভাত 'ভিজন ডকুমেণ্ট ২০৪৭'ৰ ওপৰত ২৪ ঘণ্টীয়া মাৰাথন আলোচনাৰ সময়ত পূজা পালে কয়, "মই মোৰ স্বামীক হেৰুৱালোঁ। মোৰ স্বামীক কেনেকৈ আৰু কোনে হত্যা কৰিলে সকলোৱে জানে। মই মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছো কাৰণ তেওঁ মোক ন্যায় দিছিল আৰু মোৰ কথা শুনিছিল যেতিয়া আন কোনোৱে কৰা নাছিল।" মন কৰিবলগীয়া যে ২০০৫ চনত বহুজন সমাজ পাৰ্টিৰ বিধায়ক পূজা পালৰ স্বামী ৰাজু পালক প্ৰয়াগৰাজত ৰাজহুৱা স্থানত গুলীয়াই হত্যা কৰা হৈছিল।

এই হত্যাকাণ্ডত চৰ্চালৈ আহিছিল প্ৰাক্তন সাংসদ তথা মাফিয়া আতিক আহমেদৰ নাম। বছৰ বছৰ ধৰি ন্যায়ৰ দাবী উত্থাপন কৰি অহা পূজা পালে কয় যে যোগী চৰকাৰ ক্ষমতালৈ অহাৰ পিছতহে প্ৰকৃত ন্যায় পালে। মুখ্যমন্ত্রী যোগী আদিত্যনাথে ‘শূন্য সহনশীলতা’ নীতি গ্রহণ কৰি আতিক আহমেদৰ দৰে অপৰাধীক ভূলুণ্ঠিত কৰে বুলিও কয় পূজাই৷

বিধানসভাত তেওঁৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্যৰ কেবিনেট সদস্য স্বতন্ত্ৰ দেৱ সিঙে কয়, "পূজা পালে উত্থাপন কৰা বিষয়টো আৰু তেওঁৰ কথা কোৱাৰ ধৰণটো অতি সাহসী আছিল। যোগী আদিত্যনাথে সঁচাকৈয়ে উত্তৰ প্ৰদেশক অপৰাধমুক্ত কৰাৰ বাবে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে আৰু মাফিয়াৰাজৰ অন্ত পেলোৱাৰ নীতি কঠোৰভাৱে কাৰ্যকৰী কৰিছে।"

যোগী আদিত্যনাথ