/asomiyapratidin/media/media_files/2025/10/05/485-2025-10-05-11-41-31.jpg)
ডিজিটেল সংবাদ, নগাঁও : হিয়াৰ আমঠু, শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত বৰ্তমানেও ম্ৰিয়মাণ ৰাজ্যবাসী ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শিল্পীগৰাকীৰ বিদেহ আত্মাৰ সদগতি, সমগ্ৰ ঘটনাৰ ন্যায়ৰ দাবীৰে অনুষ্ঠিত কৰা হৈছে শ্ৰদ্ধাঞ্জলী অনুষ্ঠান ৷
ৰাজ্যৰ বিভিন্ন স্থানৰ সমান্তৰালভাৱে নগাঁৱৰ হালোৱাগাঁৱৰ কলিতাচুকৰ ৰাইজৰ উদ্যোগত কলিতাচুক নামঘৰ প্ৰাংগনত প্ৰাণৰ শিল্পী সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ এক ৰাজহুৱা আদ্যশ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলী অনুষ্ঠান অনুষ্ঠিত হয় ৷ অনুষ্ঠানৰ আৰম্ভণিতে পুৰণিগুদামৰ শিল্পী পাৰ্থপ্ৰতিম বৰুৱাই নিৰ্মাণ কৰি উলিওৱা আজন্ম শিল্পী জুবিন গাৰ্গৰ আবক্ষ মূৰ্তিত বন্তি প্ৰজ্বলন কৰা হয়।
ইয়াৰ পাছতেই শ্ৰীমদ্ভাগৱত পাঠ, দিহানামৰ লগতে শিল্পী গৰাকীৰ কালজয়ী গীত সমূহো পৰিৱেশন কৰা হয় ৷