মেক্সিকোত ৰাইজৰ ভিৰৰ মাজতেই দুৰ্বৃত্তৰ গুলীবৰ্ষণ, মেয়ৰৰ সৈতে নিহত ১৮ জনকৈ লোক

দক্ষিণ আমেৰিকাত অব্যাহত আছে ৰাজহুৱা স্থানত সংঘটিত অপৰাধমূলক ঘটনা
মেক্সিকোত ৰাইজৰ ভিৰৰ মাজতেই দুৰ্বৃত্তৰ গুলীবৰ্ষণ, মেয়ৰৰ সৈতে নিহত ১৮ জনকৈ লোক

ডিজিটেল ডেস্ক : বিভিন্ন ধৰণৰ অপৰাধমূলক ঘটনাৰ বাবে কুখ্যাত দক্ষিণ আমেৰিকা মহাদেশৰ প্ৰায় সমূহ দেশেই । মহাদেশখনৰ মেক্সিকোও ব্যতিক্ৰম নহয় এই অপৰাধ প্ৰৱণতাৰ পৰা । সঘনেই হত্যা, ড্ৰাগছ, চুৰি কাণ্ড আদিৰ সমস্যাত ভূগি থকা দেশখনত এইবাৰ সংঘটিত হ'ল আন এক চাঞ্চল্যকৰ ঘটনা । মেক্সিকোৰ চান মিগুৱেল ট'ট'লাপান চহৰৰ চিটি হলৰ সন্মুখত থকা জন সমাৱেশলৈ লক্ষ্য কৰি দুৰ্বৃত্তই গুলীবৰ্ষণ কৰা ঘটনাত মৃত্যু হৈছে ১৮ জনকৈ ব্যক্তিৰ । এই ১৮ জন ব্যক্তিৰ মাজত আছে চহৰ খনৰ মেয়ৰ আৰু এটি ১২ বছৰীয়া শিশু ।

এই সমগ্ৰ ঘটনাটো এক সংগঠিত অপৰাধৰ সৈতে জড়িত বুলি সন্দেহ কৰিছে মেক্সিকান আৰক্ষীয়ে ।

এই সন্দৰ্ভত দেশখনৰ গুৰেৰ' ৰাজ্যৰ ৰাজ্যপাল এভেলীন চালগাডো পিনেডাই গভীৰ শোক প্ৰকাশ কৰি কয় যে, দোষীৰ বিৰুদ্ধে কঠোৰ স্থিতি অৱলম্বন কৰিব আৰক্ষীয়ে । আৰু ৰাজ্যখনৰ নাগৰিকৰ সুৰক্ষাৰ ক্ষেত্ৰত কেতিয়াও আপোচ নকৰে মেক্সিকো আৰক্ষীয়ে ।

উল্লেখ্য যে, মুদ্ৰাস্ফীতি, অৰ্থনৈতিক সংকট আদিয়ে জুৰুলা কৰি পেলোৱা মেক্সিকোত অপৰাধৰ হাৰ আন ৰাষ্ট্ৰৰ তুলনাত যথেষ্ট বেছি । ইয়াৰ ওপৰিও ড্ৰাগছৰ ঘাটিলৈ পৰিৱৰ্তিত হোৱা মেক্সিকো সন্দৰ্ভত নিমাত বিশ্বৰ সকলো সংগঠনো ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in