/asomiyapratidin/media/media_files/2025/10/31/96-2025-10-31-20-10-11.jpg)
ডিজিটেল সংবাদ, বেবেজীয়া : হয়বৰগাঁও থানাৰ অন্তৰ্গত চলচলি বজাৰৰ হাবিবুৰ ৰহমানৰ কাপোৰ দোকানত বৃহস্পতিবাৰে নিশা জুই লাগিছিল। সোণাইঘাট চলচলি হাফিজিয়া মাদ্ৰাছাৰ ভাড়াতীয়া দোকানত দীৰ্ঘদিন ধৰি কাপোৰৰ ব্যৱসায় কৰিছিল হাবিবুৰ ৰহমানে।
প্ৰত্যক্ষদৰ্শীৰ মতে আজি কিছুদিন ধৰি হাবিবুৰ ৰহমানে নিয়মীয়াকৈ দোকান নোখোলে যদিও নিশা প্ৰায় ১২ বজাত আহি দোকান খুলি অলপ সময়ৰ পিছতেই দোকান বন্ধ কৰি গুচি যায়। দোকানী হাবিবুৰ যোৱাৰ ক্ষন্তেক সময়ৰ পিছতেই দোকানখনত জুই লগা বুলি স্থানীয় লোকসকলে গম পাই অগ্নিনিৰ্বাক বাহিনীক খবৰ কৰে আৰু অগ্নিনিৰ্বাক বাহিনীৰ সহযোগত চলচলি মাদ্ৰাছা, মছজিদ আৰু বজাৰখন ৰক্ষা পৰে।
জানিব পৰা মতে হাবিবুৰ ৰহমানে বহু লাখ টকা বেংক ঋণ লৈছে আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ হাবিবুৰ ৰহমানে নিজেই নিজৰ দোকানত জুই লগোৱা বুলি ৰাইজে সন্দেহ কৰিছে। ঘটনাৰ এক নিৰপেক্ষ তদন্ত ক্ৰমে দোষী দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীৰে মাদ্ৰাছা কমিটিৰ সম্পাদক জাকিৰ হুছেইনে হাবিবুৰ ৰহমানৰ বিৰুদ্ধে হয়বৰগাঁও আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us