কচুৱাৰ গেৰজাই পামত ৰাইজৰ প্ৰতিবাদ

নগাঁও জিলাৰ পাখীমৰীয়া উন্নয়ন খণ্ডৰ গেৰজাই পাম পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাসগৃহৰ তালিকা প্ৰস্তত কৰাৰ নামত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উঠিছে।

author-image
Asomiya Pratidin
New Update
510

ডিজিটেল সংবাদ, কচুৱা : নগাঁও জিলাৰ পাখীমৰীয়া উন্নয়ন খণ্ডৰ গেৰজাই পাম পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাসগৃহৰ তালিকা প্ৰস্তত কৰাৰ নামত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উঠিছে। পঞ্চায়তখনৰ জীৱিকা সখী লক্ষী দেৱনাথে প্ৰধানমন্ত্ৰী আৱাস গৃহৰ জীঅ টেগ কৰিব গৈ ব্যাপক অনিয়ম কৰাৰ অভিযোগ উঠিছে।

ৰাইজৰ অভিযোগ মতে দুখীয়ালোকক বঞ্চিত কৰি অনুপযুক্ত লোকক তালিকাত অন্তভুক্ত কৰাৰ অভিযোগ উঠিছে। যাৰ বাবে বহু দুগীয়ালোক বঞ্চিত হোৱাৰ অভিযোগ উঠিছে।

ইফালে এইক্ষেত্ৰত জীৱিকা সখী গৰাকীয়ে ধনৰ লেনদেন কৰাৰ লগতে নিজৰ পৰিয়ালৰ ভিতৰতে চাৰিটা ঘৰ লোৱাৰ অভিযোগ কৰিছে। আজি স্থানীয়  গেৰজাই পাম গাঁৱৰ শতাধিক মহিলা লগ হৈ জীৱিকা সখী গৰাকীৰ বিৰুদ্ধে উচিত তদন্তু কৰি ব্যৱস্থা গ্ৰহন কৰাৰ লগতে বঞ্চিত দুখীয়া লোক সকলক চৰকাৰী ঘৰ প্ৰদানৰ দাবী জনাইছে।

প্ৰতিবাদ