চিৰাঙৰ খাগ্ৰাবাৰীত এইচ পি চি এলৰ নিৰ্মীয়মান প্ৰকল্পস্থলীত ৰাইজৰ প্ৰতিবাদ

বুধবাৰে চিৰাং জিলাৰ বাসুগাঁও চহৰৰ সমীপৰ খাগ্ৰাবাৰী-কামাৰডাঙ্গা গাঁৱত হিন্দুস্থান পেট্ৰলিয়াম কৰ্পোৰেচন লিমিটেড চমুকৈ এইচপিচিএলৰ নিৰ্মীয়মান প্ৰকল্পস্থলীত প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে

author-image
Asomiya Pratidin
New Update
199

ডিজিটেল সংবাদ, চিৰাং : বুধবাৰে চিৰাং জিলাৰ বাসুগাঁও চহৰৰ সমীপৰ খাগ্ৰাবাৰী-কামাৰডাঙ্গা গাঁৱত হিন্দুস্থান পেট্ৰলিয়াম কৰ্পোৰেচন লিমিটেড চমুকৈ এইচপিচিএলৰ নিৰ্মীয়মান প্ৰকল্পস্থলীত প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । প্ৰতিবাদকাৰী খাগ্ৰাবাৰী আৰু কামাৰডাঙ্গা গাঁওবাসী সকলৰ অভিযোগ হিন্দুস্থান পেট্ৰলিয়াম কৰ্পোৰেচন লিমিটেড ৰাষ্ট্ৰীয়কৃত প্ৰতিষ্ঠানটোৱে তেওঁলোকৰ পেট্ৰলিয়াম তেল আৰু ৰন্ধন গেচ মজুতকাৰী ভৰাল প্ৰকল্পটোৰ নিৰ্মাণ চলাই আছে কিন্তু নিৰ্মাণ কাৰ্য্য চলাই আছে ।

Advertisment

কিন্তু খাগ্ৰাবাৰী আৰু কামাৰডাঙ্গা গাঁৱৰ পৰা পানী ওলাই যোৱাৰ যি সমূহ নলা নৰ্দমা আছিলে নিৰ্মাণ কাৰ্য্য চলাই থকাৰ সময়ত হিন্দুস্থান পেট্ৰলিয়াম কৰ্পোৰেচন লিমিটেড কতৃপক্ষই সকলো নলা নৰ্দমা মাটি পেলাই বন্ধ কৰি পেলাইছে । ফলস্বৰূপ গাঁও সমূহত সামান্য বৰষুণ হ'লেই নতুনকৈ কৃত্ৰিম বানপানীত ভুগিব লগা হৈছে।

প্ৰকল্পটোৰ নামনি অংশত থকা খেতি পথাৰত পানী যোগানৰ নলা সমূহ বন্ধ হৈ পৰিছে । এই নলা নৰ্দমা সমূহ বন্ধ হৈ যোৱাৰ পিছত ৰাইজে ভুগিব থকা সমস্যাৰ কথা গাঁওবাসী সকলে লিখিত ভাবে এইচপিচিএল কৰ্তৃপক্ষক অৱগত কৰিছিল।

এই সন্দৰ্ভত ভুক্তভোগী গাঁওবাসীৰ সৈতে এইচপিচিএল কতৃপক্ষৰ এখনি বৈঠক পৰ্যন্ত অনুষ্ঠিত হৈছিল। কিন্তু অজ্ঞাত কাৰণত এইচপিচিএল কৰ্তৃপক্ষই গাঁওবাসীৰ অসুবিধাৰ কথা আওকাণ কৰি থকাৰ বাবেই আজি তিনিখন গাঁৱৰ শতাধিক পুৰুষ মহিলা হিন্দুস্থান পেট্ৰলিয়াম কৰ্পোৰেচন লিমিটেডৰ নিৰ্মিয়মান প্ৰকল্পৰ এক নং আৰু দুই নং দুয়োটা প্ৰৱেশদ্বাৰৰ সন্মুখত অৱস্থান কৰি দুঘণ্টা সময় প্ৰতিবাদ সাব্যস্ত কৰে ।

গাঁওবাসীৰ এই প্ৰতিবাদী কাৰ্যসূচী চলাই থকাৰ সময়চোৱাত নিৰ্মাণ কাৰ্য্যত জড়িত শ্ৰমিক প্ৰকল্পটোৰ ভিতৰত প্ৰৱেশত বাধা প্ৰদান কৰে। ফলস্বৰূপ দুঘণ্টাৰ বাবে প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য্য সমূহ স্থবিৰ হৈ পৰে।

প্ৰতিবাদকাৰী গাঁওবাসী সকলে কয় যে আমাৰ এই অঞ্চলত এইচপিচিএল ৰ এই প্ৰকল্প নিৰ্মাণ কৰাৰ বাবে আমি আমাৰ কৃষিভূমি তেওঁলোকক দি দিছোঁ । এইচপিচিএল এই প্ৰকল্পক আমি আঁদৰণি জনাইছো । কিন্তু নিৰ্মাণ কাৰ্য্য আৰম্ভ হোৱাৰ সময়তে আমাৰ নলা নৰ্দমা সমূহ যাতে বন্ধ নহয় আৰু গতি পৰিবৰ্তন কৰি হ'লেও যাতে নলা নৰ্দমা সমূহ নিৰ্মাণ কৰি দিয়ে।

কিন্তু এইচপিচিএল কতৃপক্ষই আমাৰ দাবীক কোনো গুৰুত্ব প্ৰদান কৰা নাই যাৰ কাৰণেই আজি আমি প্ৰতিবাদী আন্দোলন কৰিব লগা হৈছে। আজিৰ এই আন্দোলনৰ পিছতো যদি এইচপিচিএল কতৃপক্ষই আমাৰ দাবী পূৰণ নকৰে তেনেহ'লে পৰবৰ্তী সময়ত আমি ইয়াতকৈ দীঘলীয়া সময় প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিবলৈ বাধ্য হ'ব বুলি হুংকাৰ প্ৰদান কৰে।

chirang প্ৰতিবাদ